মৰাণ, 14 ফেব্ৰুৱাৰী : চৰাইদেউ জিলাত পুনৰ খাদ্য বিষক্ৰিয়া হোৱা ঘটনা সংঘটিত হয় ৷ জিলাখনৰ সাপেখাতী আটালপুখুৰীত এখন বিয়াত সংঘটিত হয় এই খাদ্য বিষক্ৰিয়াৰ ঘটনা ৷
ঘটনাৰ বিৱৰণ অনুসৰি আটালপুখুৰীৰ প্ৰদীপ কলিতা নামৰ এজন লোকৰ ঘৰত আয়োজন কৰা বিয়াত আহাৰ গ্ৰহণ কৰি কুৰিৰো অধিক লোকৰ দেহত শৌচ, বমি, পেটৰ বিষ, জ্বৰ আদি লক্ষণে দেখা দিয়ে ৷ স্থানীয় লোকে সদৰি কৰা মতে আটালপুখুৰী, বৰুৱানগৰ, কছাৰী পথাৰ আদি অঞ্চলৰ বহু লোক ক্ৰমাৎ অসুস্থ হৈ পৰে ৷ লোকসকলৰ অসুস্থ হোৱাৰ লক্ষণবোৰলৈ লক্ষ্য কৰিহে খাদ্যত বিষক্ৰিয়া হোৱাৰ সন্দেহ কৰা হৈছে বুলি সংবাদিকক জানিবলৈ স্থানীয় লোকে ৷
উল্লেখ্য যে, অসুস্থ লোক সকলক সাপেখাতী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে ৷ চিকিৎসাধীন লোক সকলৰ ভিতৰত আছে- পল্লবী চাংমাই (২৪), খিৰেশ্বৰ চাংমাই (৬৪), জিতেন হাজৰিকা (৪৭), বিতু লিকচন (২১), ভানু শইকীয়া (৪৫), গীতাঞ্জলি শইকীয়া (৩৫), ভিতালী শইকীয়া (১৭),জোনমণি গগৈ (৪০) আদি ৷
লগতে পঢ়ক: ই-অফিচ আঁচনি ৰূপায়ণৰ বাবে কম্পিউটাৰ বিতৰণ