ETV Bharat / state

সাংসদ তপন কুমাৰ গগৈয়ে বিচাৰিলে জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ মৃত্যুৰ কাৰণ

author img

By

Published : Dec 31, 2021, 5:06 PM IST

জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ স্মৃতিত চৰাইদেউৰ সাপেখাতীত বৃহস্পতিবাৰে অনুষ্ঠিত হয় কেন্দ্ৰীয় শ্বহীদ দিৱস (Martyrs Day in memory of Dimbeswar Gogoi)। মৈদামস্থলীৰ কাষতে শ্বহীদ ডিম্বেশ্বৰ গগৈৰ এটা পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰি সাংসদ তপন কুমাৰ গগৈয়ে । এই অনুষ্ঠানতে সাংসদগৰাকীয়ে ডিম্বেশ্বৰ গগৈক কিয় হত্যা কৰা হৈছিল তাৰ উত্তৰ বিচাৰিলে ।

moran
সাংসদ তপন কুমাৰ গগৈয়ে বিচাৰিলে জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ মৃত্যুৰ কাৰণ

মৰাণ,৩১ ডিচেম্বৰ : জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ স্মৃতিত বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ সোণাৰিত শ্বহীদ দিৱসৰ কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই (Martyrs Day in memory of Dimbeswar Gogoi)। এই অনুষ্ঠানত উপস্থিত থাকি শ্বহীদ গৰাকীক স্মৰণ কৰে সাংসদ তপন কুমাৰ গগৈয়ে । অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদগৰাকীৰ প্ৰশ্ন কিয় হত্যা কৰা হৈছিল ডিম্বেশ্বৰ গগৈক (Tapan Gogoi questions about Dimbeswar Gogoi's murder)।

উল্লেখ্য যে, অসম আৰু অসমীয়া জাতিটোৰ লগতে আহোম জনগোষ্ঠীটোৰ ঐক্য-সম্প্ৰীতি, অৰ্থনৈতিক কাঠামো, ৰাজনৈতিক সমস্যা সমাধানৰ বাবে সাহসেৰে কাম কৰা ডিম্বেশ্বৰ গগৈক ১৯৯০ চনত আলফাই নৃশংসভাৱে হত্যা কৰি তিনিচুকীয়াৰ লক্ষীপথাৰত গণ কবৰ দিছিল । টাই আহোম জনগোষ্ঠীৰ উত্তৰণৰ বাবে সংগ্ৰাম কৰা আটাছু নেতা ডিম্বেশ্বৰ গগৈৰ হত্যাকাৰীয়ে কিন্তু আজিলৈ শাস্তি নাপালে । আনহাতে ডিম্বেশ্বৰ গগৈক আলফাই কি কাৰণে হত্যা কৰিলে সেই কথাও আজিলৈকে পোহৰলৈ নাহিল ।

আটাছু সংগঠনটোৰ প্ৰতিষ্ঠাপক সাংগঠনিক সম্পাদকৰ দায়িত্বত থকা মেধাৱী ডিম্বেশ্বৰ গগৈক কিয় আলফাই নৃশংসভাৱে হত্যা কৰিলে তাৰ উত্তৰ বিচাৰিলে সাংসদ তপন কুমাৰ গগৈয়ে । চৰাইদেউৰ সাপেখাতীত বৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্ৰীয় শ্বহীদ দিৱসত ডামচাও ডিম্বেশ্বৰ গগৈৰ মৈদামস্থলীৰ কাষতে এটা পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰি সাংসদ তপন কুমাৰ গগৈয়ে কয় যে, ডিম্বেশ্বৰ গগৈয়ে কি ভুল কৰিছিল সেই কথা জনাৰ অধিকাৰ আছে অসমৰ ৰাইজৰ । সেই কথা ৰাজহুৱা কৰিবলৈ দাবী জনালে সাংসদ গৰাকীয়ে ।

লগতে পঢ়ক :সোণাৰিত জাতীয় শ্বহীদ ডিম্বেশ্বৰ গগৈৰ স্মৃতি দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.