মৰাণ, 10 মাৰ্চ : চৰাইদেউ জিলাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অভয়পুৰ বনাঞ্চলৰ সমীপৰ চিংলু পাহাৰত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড (Massive fire at Chinglu hill in Charaideo ) ৷ জুইৰ লেলিহান শিখাই চানি ধৰিছে সমগ্ৰ চিংলু পাহাৰ ।
বুধবাৰে সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ জুইয়ে ভাবুকি কঢ়িয়াই আনিছে চিংলু পাহাৰৰ নিকটৱৰ্তী গাঁওবাসীলৈ ৷ নাগালেণ্ডৰ পাহাৰত অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে বনবিষয়াই ৷ ইফালে চিংলু পাহাৰ এই বিধ্বংসী জুই নুমোৱাত ব্যৰ্থ হৈছে বনবিভাগ ৷
যাৰ ফলত আতংকৰ সৃষ্টিৰ হৈছে চিংলু পাহাৰৰ নিকটৱৰ্তী গাঁওবাসী ৷ সেয়ে এক হাহাকাৰমুখী পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলটোৰ লোকসকলৰ মাজত ৷ আনহাতে, অতি দুৰ্গম হোৱা বাবে অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হ‘ব নোৱাৰা হেতু এইপৰ্যন্তও দপদপাই জ্বলি আছে চিংলু পাহাৰৰ এই জুইকুৰা ৷
লগতে পঢ়ক : বিজেপিয়ে এককভাৱে চৰকাৰ গঠন কৰিব মণিপুৰত : এন বিৰেন সিং