ETV Bharat / state

ULFA I Cadre Uday Axom: ঘৰলৈ অনা হ’ল উদয় অসম মৃতদেহ; পুত্ৰৰ নিথৰ দেহ সাবটি মাতৃৰ হিয়াভঙা কান্দোন

author img

By

Published : Feb 10, 2023, 2:15 PM IST

Updated : Feb 10, 2023, 2:38 PM IST

শুকুৰবাৰে সোণাৰিৰ নিজ বাসগৃহলৈ লৈ অনা হ’ব উদয় অসমৰ মৃতদেহ (ULFA I Cadre Uday Axom) ৷ সেনা-আৰক্ষীৰ গুলীত নিহত হোৱা উদয় অসমৰ মৃতদেহ নিজ বাসগৃহত উপস্থিত হোৱাৰ পাচতেই সৃষ্টি হয় এক শোকাকুল পৰিৱেশ ৷ পুত্ৰৰ নিথৰ দেহ সাবটি হিয়াভঙা কান্দোন মাতৃৰ ৷

ULFA I Cadre Uday Axom
উদয় অসমৰ নিথৰ দেহ সাবটি মাতৃৰ হিয়াভঙা কান্দোন
ঘৰলৈ অনা হ’ল উদয় অসম মৃতদেহ; পুত্ৰৰ নিথৰ দেহ সাবটি মাতৃৰ হিয়াভঙা কান্দোন

ডিব্ৰুগড়, 10 ফেব্ৰুৱাৰী: বৃহস্পতিবাৰে সেনা-আৰক্ষীৰ গুলীত নিহত হোৱা আলফা (স্বাঃ)ৰ কেডাৰ উদয় অসমৰ (ULFA I Cadre Uday Axom) নশ্বৰ দেহ শুকুৰবাৰে লৈ অনা হয় চৰাইদেউ জিলাৰ সোণাৰিৰ পুৰণি জবকাৰ গাঁৱৰ নিজ বাসগৃহলৈ ৷ মৃতদেহ নিজ গৃহত উপস্থিত হোৱাৰ পাচতে গাঁৱখনত বিৰাজ কৰিছে শোকাকুল পৰিৱেশ ৷ আৰক্ষীৰ বৃহৎ বেষ্টনিৰ মাজেৰে মৃতদেহ অনা হয় নিজ গৃহলৈ ৷

2012 চনত নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰিছিল উদয় অসমে ৷ সুদীৰ্ঘ 12 বছৰ পূৰ্বে ঘৰৰ পৰা ওলাই যোৱা উত্তম লাহন ওৰফে উদয় অসমৰ মাতদেহ সাবটি হিয়াভঙা কান্দোন মাতৃৰ (Uday Axom killed in Tinsukia) ৷ গাঁৱৰ সকলোৱে উদয় অসমক শেষবাৰৰ বাবে চোৱাৰ বাবে ভিৰ কৰিছেহি বাসগৃহত ৷ উল্লেখ্য যে, সোণাৰিৰ পুৰণি জবকা গাঁৱৰ প্ৰয়াত পদু লাহন আৰু গণিতা লাহনৰ তৃতীয় পুত্ৰ আছিল উদয় অসম ৷ 2012 চনত ঘৰৰ পৰা কামলৈ বুলি ওলাই গৈ আলফা স্বাধীনত যোগদান কৰিছিল উত্তম লাহনে ৷

ইফালে, গাঁৱৰ ৰাইজে সংবাদমাধ্যমৰ আগত কয় যে, চৰকাৰ আৰু আলফা স্বাধীনে শান্তি আলোচনাৰ কথা কৈ থকা সময়ত এই ঘটনাই আমাক যথেষ্ট মৰ্মাহত কৰিছে (ULFA I Cadre killed) ৷ উদয় অসমৰ পৰিয়ালটো অতি দৰিদ্ৰ । চৰকাৰক এই পৰিয়ালটোৰ সংস্থাপনৰ বাবে কিবা এটা ব্যৱস্থা কৰি দিবলৈয়ো আহ্বান জনাইছে গাঁৱখনৰ ৰাইজে ৷ স্বাভাৱিকতেই খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোচনাৰ কথা কৈ থকাৰ সময়তে বৃহস্পতিবাৰে সংঘটিত হোৱা এই ঘটনাই সচেতন ৰাইজক চিন্তিত কৰি তোলিছে ৷

বৃহস্পতিবাৰে পুৱা লিডুৰ টিকক মালৌ পথাৰত সেনা-আৰক্ষী আৰু উদয় অসমৰ নেতৃত্বত থকা আলফা স্বাধীনৰ প্ৰায় 7 জনীয়া দলটোৰে সৈতে হোৱা সংঘৰ্ষত নিহত হয় উদয় অসমৰ ৷ ইফালে, উদয় অসমক আলফা স্বাধীনে ‘অমৰ মৃতক’ ঘোষণা কৰাৰ লগতে শোক-সন্তপ্ত পৰিয়াললৈ জ্ঞাপন কৰিছে সমবেদনা ৷

উদয় অসম সংযুক্ত মুক্তি বাহিনী অসম স্বাধীনৰ এগৰাকী নিষ্ঠাবান সদস্য আৰু সংগঠনটোক আগুৱাই লৈ যোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল বুলিও সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰিছে সংগঠনটোৰ সাধাৰণ সম্পাদক অৰুণোদয় অসমে ৷

উল্লেখ্য যে, আলফা (স্বাঃ)ৰ বোমা বিশেজ্ঞ উদয় অসম আৰক্ষীৰ বাবে হৈ পৰিছিল মূৰৰ কামোৰণি (Operation against ULFA in Tinsukia) ৷ আৰক্ষীৰ বিৰুদ্ধে বহু কেইটা বিস্ফোৰণৰ ঘটনাত জড়িত আছিল 2য় লেফ্টেনেণ্ট উদয় অসম ৷

লগতে পঢ়ক: ULFA I Cadre Gunned down: নিহত আলফা (স্বাঃ)ৰ কেডাৰ উদয় অসমক অমৰ মৃতক ঘোষণা

Last Updated : Feb 10, 2023, 2:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.