ETV Bharat / state

সোণাৰিত আৰম্ভ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন - atasu session in sonari

All Tai Ahom Students Union : ৫০১ গৰাকী যুৱতীৰ দ্বাৰা তাই আহোম জাতীয় সংগীত পৰিৱেশনেৰে আৰম্ভ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিৱেশন । তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিবেশন ।

All Tai Ahom Students Union
সদৌ টাই আহোম ছাত্ৰ সন্থা
author img

By ETV Bharat Assamese Team

Published : Jan 9, 2024, 8:21 PM IST

সদৌ টাই আহোম ছাত্ৰ সন্থা

মৰাণ, ৯ জানুৱাৰী : অসমৰ জাতীয় জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা সদৌ তাই আহোম ছাত্ৰ সন্থাই ৩৬ বছৰ অতিক্ৰম কৰিলে । ১৯৮৮ চনৰ চৰাইদেউ জিলাৰ দ'ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গনত অসমৰ ছাত্ৰ সংগঠনৰ প্ৰেক্ষাপটত নতুনকৈ জন্মলাভ কৰিছিল সদৌ তাই আহোম ছাত্ৰ সন্থাই । তাই আহোমৰ বিভিন্ন সমস্যা, তাই আহোমৰ অধিকাৰক লৈ এক দীঘলীয়া সময়ত সক্ৰিয়ভাৱে সংগ্ৰাম কৰি আহিছে সদৌ তাই আহোম ছাত্ৰ সন্থাই । ইতিহাস বহনকাৰী সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিবেশন আজি আৰম্ভ হৈছে চৰাইদেউ জিলাৰ সোণাৰিত ।

সোণাৰিৰ গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱা সমন্বয় ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে এই অধিৱেশন । ৫০১ গৰাকী যুৱতীৰ দ্বাৰা তাই জাতীয় সংগীত পৰিৱেশনেৰে আজি আটাছুৰ কেন্দ্ৰীয় অধিৱেশনখনি আৰম্ভ হৈছে । সদৌ তাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ ভাৰপ্ৰাপ্ত সভাপতি বসন্ত গগৈ আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি সমুদ্ৰ প্ৰসাদ বৰুৱাই পতাকা উত্তোলন কৰাৰ পাছতেই বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয় ।

এই অধিৱেশনস্থলীতে উপৰিপুৰুষক সুঁৱৰি অনুষ্ঠিত হয় বান-ফি-পূজা । ইয়াৰ পাছতে আজি কেন্দ্ৰীয় অধিবেশনৰ লগত সংগতি ৰাখি অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত ৰচনা, চিত্ৰাংকন আৰু তাই আহোম জাতীয় সাজপাৰ প্ৰতিযোগিতা । তাই আহোম সাংস্কৃতিক অনুষ্ঠানৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ সমাহাৰ ঘটিছে এই অধিৱেশনত। সদৌ তাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় পূৰ্ণাংগ অধিবেশনৰ প্ৰতিটো দিনতে ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বৰ লগতে ৰাজনৈতিক নেতা সকলেও অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক:কা আন্দোলনৰ পৰা লোকসভা নিৰ্বাচন ২০২৪ লৈ: সাংসদ আব্দুল খালেকৰ সৈতে আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.