গুৱাহাটী, 21 মে': প্ৰতিবন্ধী সুৰক্ষা সংস্থাই ঘেৰাও কৰিলে নিউ গুৱাহাটী কোষাগাৰ প্ৰাধিকাৰীৰ কাৰ্যালয় । দিব্যাংগসকলৰ বাবে চৰকাৰে দিব্যাংগ পেঞ্চন আঁচনিৰ অধীনত মাহে মাহে যি ধন দিয়ে সেই ধন মোকলাই দিয়াৰ দাবীত প্ৰতিবন্ধী সুৰক্ষা সংস্থাই ঘেৰাও কৰে কাৰ্যালয়টো ৷
জানিব পৰামতে সমাজ কল্যাণ বিভাগৰ পৰা 29 কোটি 54 লাখ 16 হাজাৰ টকা দিব্যাংগসকলৰ বাবে ধাৰ্য কৰা হৈছিল ৷ কিন্তু বৰ্তমানলৈ ধনখিনি মোকলাই দিয়া নাই বিভাগটোৱে। প্ৰাপ্য ধন মোকলাই দিয়াৰ দাবীত কোষাগাৰৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবন্ধী সুৰক্ষা সংস্থাই ।