ETV Bharat / state

জাতীয় শ্বহীদ পৰাগ কুমাৰ দাস - murder jounalist

অসমীয়া সমাজ-ৰাজনৈতিক ক্ষেত্ৰৰ সমস্যাসমূহৰ নিৰ্ভীক আৰু স্পষ্ট প্ৰকাশেৰে প্ৰতিজন অসমীয়াৰ অন্তৰত এতিয়াও সোমাই আছে সাংবাদিক পৰাগ কুমাৰ দাস ৷ অতিকেন্দ্ৰিক ৰাষ্ট্ৰব্যৱস্থা আৰু ভ্ৰষ্টাচাৰৰ বিৰূদ্ধে সংগ্ৰাম কৰিবলৈ তেখেতৰ অস্ত্ৰবাক্যই আছিল যথেষ্ট ৷ এইগৰাকী গণমুখী সাংবাদিকৰ আজি 23 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ 1996 চনৰ 17 মে’ত আততায়ীৰ হাতত নিহত হৈছিল নিৰ্ভীক সাংবাদিক গৰাকীৰ ৷

etv bharat
author img

By

Published : May 17, 2019, 2:20 AM IST

Updated : May 17, 2019, 7:34 AM IST

নিউজডেস্ক, 17 মে’: অসমীয়া প্ৰতিদিন কাকতৰ ভূতপূৰ্ব সম্পাদক তথা গণমুখী সাংবাদিকতাৰ পথ প্ৰদৰ্শক পৰাগ কুমাৰ দাস ৷ এগৰাকী সাহসী সাংবাদিক, মানৱ অধিকাৰ কৰ্মী হোৱাৰ লগতে বিভিন্ন মানৱ অধিকাৰ আন্দোলনৰো গুৰি ধৰিছিল পৰাগ কুমাৰ দাসে ৷ মানুহৰ অধিকাৰ বৰ্তাই ৰখাৰ স্বাৰ্থত তেখেতে প্ৰতিষ্ঠা কৰিছিল মানৱ অধিকাৰ সংগ্ৰাম সমিতি ৷ ভ্ৰষ্টাচাৰৰ হকে মাত মাতি অহা সাংবাদিক পৰাগ কুমাৰ দাস আজিও প্ৰতিগৰাকী অসমীয়াৰ আদৰ্শ ৷ নিজৰ কলমেৰে কেৱল অসমীয়াৰ জাতীয় চেতনা বিকাশ কৰাই নহয়, অসমৰ বুদ্ধিজীৱী-সাহিত্যিক-সাংবাদিক-ক্ৰীড়াবিদ তথা সাধাৰণ লোকসকলক একেলগ কৰি মানৱ অধিকাৰ সংগ্ৰামৰ নেতৃত্ব দিছিল তেওঁ । তেনে এক সৎ সাহসী, নিৰ্ভীক কণ্ঠক ৰোধিবলৈ 1996 চনৰ 17 মে’ত হত্যা কৰা হৈছিল সাংবাদিক পৰাগ কুমাৰ দাসক ৷

চেনিকুঠি বালক বিদ্যালয়, এম.চি.এম.ই., কটন কলেজিয়েট চৰকাৰী হাইস্কুলৰ পৰাই প্ৰাক প্ৰাথমিক, প্ৰাথমিক আৰু হাইস্কুল শিক্ষা সম্পন্ন কৰিছিল পৰাগ কুমাৰ দাসে ৷ সৰুৰে পৰাই অধ্যয়নত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা পৰাগ কুমাৰ দাসে 1997 চনত প্ৰাক-বিশ্ববিদ্যালয় পৰীক্ষাত চতুৰ্থ স্থান দখল কৰিছিল ৷ ইয়াৰ পাচতে কটন কলেজৰ পৰা বিজ্ঞান বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত চতুৰ্থ স্থান দখল কৰিবলৈ সক্ষম হৈছিল তেওঁ ৷ উচ্চতৰ মাধ্যমিক শিক্ষা সম্পন্ন কৰি উচ্চ শিক্ষাৰ বাবে তেওঁ ৰাজধানী চহৰ দিল্লীলৈ যায় ৷ দিল্লীৰ চেন্ট যোচেফ মহাবিদ্যালয়ত অৰ্থনৈতিক বিষয়ত নামভৰ্তি কৰি দিল্লী বিশ্ববিদ্যালয়ৰ ‘দেল্​হি স্কুল অৱ ইক’ন’মিকছ’ত উচ্চ শিক্ষা সম্পন্ন কৰিছিল পৰাগ কুমাৰ দাসে ৷

সাংবাদিক পৰাগ কুমাৰ দাসে মৃত্যুলৈকে মানৱ অধিকাৰৰ ৰক্ষকৰ ৰূপে কাম কৰি গৈছিল ৷ তেওঁৰ লিখনিৰে অসমৰ সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ সাংবাদিকতাৰ বৃত্তিলৈ অহাৰ আগেয়ে ১৯৮৪ চনত পঞ্জাৱ নেছনেল বেংকত বিষয়া হিচাপে নিযুক্ত হয় ৷ ইউনিট ট্ৰাষ্ট আৰু গুৱাহাটী ষ্টক এক্সছেঞ্জতো মহাপ্ৰৱন্ধক হিচাপে কৰ্মৰত আছিল তেওঁ । মহাপ্ৰৱন্ধকৰ চাকৰি এৰি আশীৰ দশকৰ সময়চোৱাত অসমীয়া আলোচনী 'প্ৰান্তিক' আৰু 'দ্যা ছেণ্টিনেল' ইংৰাজী কাকতৰ নিয়মীয়া স্তম্ভ লেখক হিচাপে সাংবাদিক জীৱন আৰম্ভ কৰিছিল তেওঁ । ইয়াৰ পাচতে ১৯৮৯ চনৰ মাৰ্চ মাহৰ প্ৰস্তাৱনা সংখ্যাৰপৰা সাপ্তাহিক 'বুধবাৰ' কাকতৰ সম্পাদক হিচাপে কাৰ্য নিৰ্বাহ কৰে । লগতে 'আগান' আলোচনীৰো প্ৰকাশক তথা সম্পাদক আছিল পৰাগ কুমাৰ দাস । মৃত্যুৰ সময়লৈ তেখেতে অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক হিচাপে কৰ্মৰত আছিল ।

1961 চনৰ 24 ফেব্ৰুৱাৰীত শ্বিলঙত জন্ম গ্ৰহণ কৰা সাংবাদিক পৰাগ কুমাৰ দাসৰ মাতৃৰ নাম অনুপমা দাস ৷ পৰাগ কুমাৰ দাসৰ স্পষ্টবাদিতা, সৎ সাহস আৰু প্ৰতিবাদী কণ্ঠক ৰোধিবৰ বাবে একাংশই অহৰ্নিশাই চেষ্টা কৰি আহিছিল ৷ কিন্তু নিজৰ আদৰ্শক কেতিয়াও হানি হ’বলৈ নিদি ভাবুকি তথা প্ৰত্যাহ্বানসমূহক আওকাণ কৰি গৈছিল পৰাগ কুমাৰ দাসে ৷ অৱশেষত, 1996 চনৰ 17 মে’ত পুত্ৰক চানমাৰিস্থিত বিদ্যালয়ৰ পৰা আনিবলৈ যোৱাৰ সময়তে চাৰিগৰাকী আততায়ীয়ে দ্বাৰা ধাৰাসাৰে গুলি কৰি হত্যা কৰিছিল অসমৰ প্ৰতিবাদী কণ্ঠটিক ৷

সাংবাদিকতাক এক অন্য মাত্ৰা প্ৰদান কৰা পৰাগ কুমাৰ দাসৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে ভাবিব নোৱাৰা ক্ষতি ৷ পৰাগ কুমাৰ দাসৰ দৰে এগৰাকী প্ৰতিভাৱান সাংবাদিক তথা সাহিত্যকৰ বাবে আজিও অপেক্ষাৰত অসমীয়া জাতীয় জীৱন ৷

জাতীয় চহিদ পৰাগ কুমাৰ দাস

অসমীয়া সমাজ-ৰাজনৈতিক ক্ষেত্ৰত ঘটি থকা সমস্যাসমূহৰ নিৰ্ভীক আৰু স্পষ্ট প্ৰকাশেৰে প্ৰতিজন অসমীয়াৰ অন্তৰত এতিয়াও সোমাই আছে সাংবাদিক পৰাগ কুমাৰ দাস ৷ অতিকেন্দ্ৰিক ৰাষ্ট্ৰব্যৱস্থা আৰু ভ্ৰষ্টাচাৰৰ বিৰূদ্ধে সংগ্ৰাম কৰিবলৈ তেখেতৰ অস্ত্ৰবাক্যই আছিল যথেষ্ট ৷ এইগৰাকী গণমুখী সাংবাদিকৰ আজি 23 সংখ্যক মৃত্যু বাৰ্ষিকী ৷ 1996 চনৰ  17 মে’ত চালফা সদস্যই হত্যা কৰিছিল নিৰ্ভীক সাংবাদিকগৰাকীক ৷ 
Last Updated : May 17, 2019, 7:34 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.