ETV Bharat / state

নতুন দিনৰ আলাপ : মুখ্যমন্ত্ৰীয়ে দিলে ২০২৪ৰ সফলতাৰ খতিয়ান - NATUN DINOR ALAP

পহিলা জানুৱাৰীৰ দিনা ‘নতুন দিনৰ আলাপ’ শীৰ্ষক মত-বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই সাংবাদিকৰ আগত দাঙি ধৰিলে বিগত ২০২৪ বৰ্ষৰ চৰকাৰৰ কাম আৰু সফলতাৰ বিৱৰণ ।

NATUN DINOR ALAP
মুখ্যমন্ত্ৰীয়ে দিলে ২০২৪ৰ সফলতাৰ খতিয়ান (Etv Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 1, 2025, 7:59 PM IST

Updated : Jan 1, 2025, 8:58 PM IST

গুৱাহাটী: অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰা, জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পৰা আৰম্ভ কৰি চৰাইদেউলৈ বিশ্ব ঐতিহ্যৰ স্বীকৃতিলৈ ২০২৪ত অসমৰ অনন্য প্ৰাপ্তিৰ কথা ১ জানুৱাৰীত সুঁৱৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ২০২৪ত অসম চৰকাৰৰ খতিয়ান দাঙি ধৰিলে মুখ্যমন্ত্ৰীয়ে । ঘোষণা কৰিলে নতুন কামৰ পৰিকল্পনা ।

বিদায় মাগিলে ২০২৪ বৰ্ষই। ২০২৫ ক আদৰণি ৷ তাৰ মাজতেই অসমবাসীৰো নিশ্চয় প্ৰশ্ন যে ২০২৪ত অসমৰ বিজেপি চৰকাৰখনে কি কৰিলে ? গুৱাহাটীৰ কইনাধৰাত ‘নতুন দিনৰ আলাপ’ শীৰ্ষক অনুষ্ঠানত সাংবাদিকৰ সৈতে মুখ্যমন্ত্ৰীৰ মত-বিনিময় অনুষ্ঠানত পহিলা জানুৱাৰীৰ দিনা দাঙি ধৰিলে বিগত ২০২৪ বৰ্ষৰ চৰকাৰৰ কাম আৰু সফলতাৰ বিৱৰণ । ২০২৪ত মুঠ ৩৩ খন কেবিনেটৰ বৈঠকত ১৯২২ টা সিদ্ধান্ত গ্ৰহণ কৰিছিল হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে । ১জানুৱাৰীৰ সাংবাদিকৰে আলাপত মুখ্যমন্ত্ৰীৰ মন্তব্য বছৰটোত কেবিনেটে গ্ৰহণ কৰা ১৯২২ টা সিদ্ধান্তৰ ৫৪ টা কাৰ্যকৰী কৰিবলৈ বাকী আছে এতিয়াও ।

নিজা বিদ্যুৎ উপাদান বাঢ়িব অসমৰ:

বছৰৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীলৈ দিলে এক বিশেষ বতৰা ৷ বিদ্যুৎ শক্তিৰ ক্ষেত্ৰত অসমত আত্ম-নিৰ্ভৰশীল হ’বলৈ গৈ আছে অসম ৷ “সৌৰ শক্তি প্ৰকল্পৰ পৰা আৰম্ভ কৰি একাধিক জলবিদ্যুৎ প্ৰকল্পৰ পৰা অসমে নতুন বছৰটোতেই লাভ কৰিব বৃহৎ পৰিমাণৰ বিদ্যুৎ শক্তি । যাৰ ফলত শীঘ্ৰে ৰাজ্যত হ্ৰাস পাব বিদ্যুতৰ নিৰিখ ৷” ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতেই ৰাজ্যবাসীক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কইনাধৰাৰ পৰা দিলে এই খবৰ ৷

২০২৬ত গ্ৰীন টেন্সপৰ্টময় অসম :

প্ৰদূষণমুক্ত অসমৰ বাবে ২০২৬ত অসমত ই-বাহন ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে অসম চৰকাৰে । পহিলা জানুৱাৰীত ঘোষণা মুখ্যমন্ত্ৰীৰ । উল্লেখ্য যে দিনটোৰ পুৱাবেলা গুৱাহাটীৰ খানাপাৰত ৫৬ খন ৰাজহুৱা পৰিবহনৰ ইলেকট্ৰনিক বাহনৰ ফ্লেগ অফ কৰে । লগতে অতি শীঘ্ৰেই প্ৰধানমন্ত্ৰীয়ে আঁচনিৰ অধীনত ১০০ খন ৰাজহুৱা পৰিবহনৰ বাবে ই-বাহন দিব বুলিও মুখ্যমন্ত্ৰীৰ ঘোষণা এক জানুৱাৰীৰ আলাপত ।

ঋণগ্ৰস্ত চৰকাৰ: ২০২৫ চনত ল’ব ১৭ হাজাৰ কোটি টকাৰ ঋণ :

২০২৪ বৰ্ষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে সবাতোকৈ বেছি সমালোচিত হোৱা বিষয়টোৱেই হ’ল বৃহৎ পৰিমাণৰ ঋণ গ্ৰহণৰ বিষয়টো ৷ এই প্ৰসংগতো মুখ্যমন্ত্ৰীৰ দাবী, ঋণ গ্ৰহণ কৰিলেহে বিকাশ ত্বৰান্বিত হ’ব ৷ ৰাজ্যৰ বিত্তীয় বিকাশ থাকিলেহে ঋণ গ্ৰহণ কৰিব পাৰে । ২০২৫ চনত ৰাজ্য চৰকাৰে ১৭ হাজাৰ কোটি টকাৰ ঋণ ল’ব বুলি কৈ মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰে মত-বিনিময়ত জনায়, “ৰাজ্য চৰকাৰৰ আৰ্থিক স্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আমি ২৭০০০ কোটি টকালৈ ঋণ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন আছে । আমি ১৭০০০ কোটি টকাহে ঋণ লোৱাৰ সিদ্ধান্ত লৈছো । কেন্দ্ৰীয় চৰকাৰৰ বাজেটলৈ লক্ষ্য কৰিলেও আপোনালোকে দেখিব কেন্দ্ৰীয় চৰকাৰেও উন্নয়নমূলক কামৰ কাৰণে ঋণ লয় ৷”

ঋণ প্ৰসংগত লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘‘ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমে লোৱা ঋণৰ পৰিমাণ কম ৷ ঋণ লোৱাটো ভাৰত চৰকাৰৰ নিয়ম ৷ দেশৰ ভিতৰত ১৭ নম্বৰ স্থানত উপনীত হৈছে ৰাজ্যৰ GDP ৷ GDPৰ ভিত্তিতে ল’ব পৰা ঋণৰ পৰিমাণ নিৰ্ধাৰণ কৰা হয় ৷”

অসমীয়াত প্ৰকাশ হ’ব মেডিকেল আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰম :

ইতিপূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ ঘোষণা আছিল যে আঞ্চলিক ভাষাত প্ৰকাশিত হ’ব অভিযান্ত্ৰিক আৰু মেডিকেলৰ পাঠ্যপুথি ৷ এই বিষয়ত নৱবৰ্ষৰ পহিলা দিনটোতেই কইনাধৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ‘‘অসমীয়া ভাষাত প্ৰকাশ হ'ব আভিযান্ত্ৰিক পাঠ্যক্ৰমৰ কিতাপ৷ মেডিকেল পাঠ্যক্ৰমৰ কিতাপো প্ৰকাশ কৰা হ'ব অসমীয়াত ৷’’

ৰাজ্যত কমিল অপৰাধজনিত ঘটনা :

‘‘ৰাজ্যত পূৰ্বতকৈ হ্ৰাস পাইছে অপৰাধৰ সংখ্যা ৷ ২০২১-২৩ৰ তুলনাত হ্ৰাস হৈছে অপৰাধৰ ঘটনা ৷’’ কইনাধৰাত পূৰ্বৰ তুলনাত অপৰাধৰ সংখ্যা হ্ৰাস পোৱা বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

অসমলৈ বাংলাদেশীৰ অনুপ্ৰৱেশ :

বিদায়ী বছৰটোত অসমলৈ বাংলাদেশী নাগৰিক অনুপ্ৰৱেশ ৰোধীত সফলতাৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে । বিশেষকৈ বাংলাদেশৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ সৈতে যুঁজিবলগীয়া হোৱা হিন্দুসকলে অসমলৈ অনুপ্ৰৱেশ যে কৰা নাই, সেই বিষয়েও জনালে মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীৰ মন্তব্য, '“বিগত কিছু দিন ধৰি অসমলৈ বৃহৎ হাৰত বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশ ঘটিছে ৷ বৰ্তমানলৈকে ১০০০ অবৈধ বাংলাদেশী নাগৰিকক সীমান্তৰ পৰাই পুনৰ বাংলাদেশলৈ ঘূৰাই পঠোৱা হৈছে ৷"

লগতে, অসমত বাংলাদেশী জিহাদীৰ কাৰ্য-কলাপ বৃদ্ধি পোৱা বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ ৷ মুখ্যমন্ত্ৰীয়ে সাংবাদিকক বুধবাৰে জনালে, ’'জিহাদী কাৰ্য-কলাপ ৰোধৰ বাবে অসম আৰক্ষীয়ে অহৰহ প্ৰচেষ্টা চলাই আহিছে ব্যাপৰ ৰূপত সফলো হৈছে । বৰ্তমানলৈকে অসমৰ পৰা কেইবাটাও মডিউল উৎখাত কৰা হৈছে ৷ এই সন্দৰ্ভত গৃহমন্ত্ৰী অমিত শ্বাহেৰ সৈতেও আলোচনা কৰা হৈছে ।”

অসমত আন্দোলন কমাক লৈ উৎসাহিত মুখ্যমন্ত্ৰী :

বছৰটোত কিমান প্ৰতিবাদ হ’ল, কিমান ৰাজপথ অৱৰোধ হ’ল. কিমান জুুুমুঠি দাহ হ’ল, এক জানুৱাৰীৰ দিনাই হিমন্ত বিশ্ব শৰ্মাই দিলে তাৰো খতিয়ান । অসমৰ আইন-শৃংখলা আৰু উন্নয়নৰ খতিয়ান দাঙি ধৰি ধৰিবলৈ গৈ ৰাজ্যত আন্দোলন কমাক লৈ সন্তোষ প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মুখ্যমন্ত্ৰীৰ দাবী যে ৰাজ্যত আন্দোলন কমাৰ বাবেই বাঢ়িছে উন্নয়নৰ হাৰ । তাৰবাবে আনকি পৰ্যটকৰ সংখ্যাও বৃদ্ধি পাইছে ৰাজ্যত ৷

বছৰটোত ৭৫ লাখ পৰ্যটক আহিল অসমলৈ :

“যোৱা এপ্তাহ ধৰি কাজিৰঙাত ছাফাৰীৰ বাবে জীপ আৰু হাতী পাবলৈ নাই । মই মুখ্যমন্ত্ৰীয়েও যদি কওঁ যে মোক এটা হাতী ছাফাৰী লাগে, মই পাবলৈ সক্ষম নহ’ম ৷ পৰ্যটক বাঢ়িছে কাজিৰঙাত ।”— এই মন্তব্যৰে মুখ্যমন্ত্ৰীয়ে ক’লে, ২০২৪ বৰ্ষটো অসমৰ পৰ্যটনৰ বাবে এটা ভাল বছৰ ৷ কাজিৰঙালৈ পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ বাবে কৃতিত্ব দিলে ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰা দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু ভূটানৰ ৰজাক ৷

লগতে, “২০২৪ বৰ্ষত অসমলৈ মুঠ ৭৫ লাখ পৰ্যটক আহিল । অসমত আন্দোলন বিবৰ্জিত পৰিৱেশৰ বাবে পৰ্যটক মুকলি মনেৰে ফুৰিব পাৰিছে ৷” মন্তব্য মুখ্যমন্ত্ৰীৰ ।

ডেৰ লাখৰ পৰা ২৫ হাজাৰলৈ হ্ৰাস পাইছে বাতৰি কাকতৰ প্ৰচলন :

সংবাদ মাধ্যমক লৈয়ো বছৰৰ প্ৰথমটো দিনত বিশেষ মন্তব্য মুখ্যমন্ত্ৰীৰ । “সংকটৰ মাজত অসমৰ সংবাদ মাধ্যম ৷ '৭০ দশকৰ মানসিকতা এৰি আধুনিক হ'ব লাগিব বাতৰি কাকতসমূহ ৷ পুৰণি যুগৰ পৰা আঁতৰি প্ৰাসংগিক হ'লেহে জীয়াই থাকিব বাতৰি কাকত ৷ ডেৰ লাখৰ পৰা বাতৰি কাকতৰ প্ৰচলন ২৫ হাজাৰলৈ হ্ৰাস পাইছে, এয়া অত্যন্ত দুৰ্ভাগ্যজনক ৷ তাৰবাবে সাধাৰণ মানুহে বাতৰি কাকতৰ পৰা আঁতৰি ডিজিটেল মাধ্যমলৈ গৈছে ৷” মুখ্যমন্ত্ৰীয়ে কয় ৷

পাৰস্পৰিক বদলিৰ বাবে পৰ্টেল মুকলি :

আনহাতে সাংবাদিকৰ সৈতে মত-বিনিময়ৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে 'স্বাগত সতীৰ্থ' নামৰ এক পৰ্টেল । দিলে ৰাজ্যৰ তৃতীয়-চতুৰ্থবৰ্গৰ কৰ্মচাৰীলৈ সুখবৰ । এই পৰ্টেলৰ জৰিয়তে পাৰস্পৰিক বদলিৰ বাবে কিদৰে আবেদন কৰিব সেয়াও বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰীযে । জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীলৈ প্ৰতি বছৰে খোলা থাকিব এই পৰ্টেল ।

লগতে, নৱবৰ্ষৰ প্ৰথম দিনটোতে চৰকাৰী কৰ্মচাৰীলৈ মুখ্যমন্ত্ৰীয়ে দিলে বিশেষ উপহাৰ । ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীলৈ আগবঢ়াইছে শূন্য কিস্তিৰ বীমা ৷ যাৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীয়ে প্ৰাকৃতিক কাৰণত মৃত্যু হ'লে পাব ১০ লাখ টকা । পথ দুৰ্ঘটনাত মৃত্যু হ'লে পৰিয়ালে পাব ১ কোটি । নতুন দিনৰ আলাপ অনুষ্ঠানত ঘোষণা মুখ্যমন্ত্ৰীৰ ৷

লগতে পঢ়ক: নৱবৰ্ষৰ উপহাৰ; গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে কেইবাটাও প্ৰকল্প

Last Updated : Jan 1, 2025, 8:58 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.