কামৰূপ,11মে': শনিবাৰে প্ৰাঞ্জল শৰ্মা নামৰ এজন লোকে মালিগাঁৱৰ পণ্ডিত পাণ দোকানৰ পৰা ক্ৰয় কৰিছিল এটা শীতল পানীয়ৰ বটল। পানীয় খাই থাকোতেই অসহ্যকৰ গোন্ধ পাই লোকজনে। সন্দেহবশতঃ লোকজনে শীতল পানীয়ৰ বটলটো পৰীক্ষা কৰাত প্ৰত্যক্ষ কৰে ভেঁকুৰজাতীয় সামগ্ৰী ৷
ইপিনে সামান্য পৰিমাণে এই বিষাক্ত শীতল পানীয় সেৱন কৰি অসুস্থ হৈ পৰে লোকজন ৷ এনেধৰণৰ ঘটনা বাৰে বাৰে সংঘটিত হৈ থকাৰ পিচতো খাদ্য সুৰক্ষা বিভাগে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই ৷