ETV Bharat / state

আপুনি কেতিয়াও নেদেখা , নুশুনা এখন বিয়াৰ কথাৰে ...

জীৱনত আপুনি হয়তো বহুত বিয়া দেখিছে , বিয়া বুলিলেই উদুলি-মুদুলি ৰভাতলী , সুস্বাদু ব্যঞ্জনেৰে এসাঁজ ৷ আপুনি ভবাৰ দৰেই সকলো উপলব্ধ এইখন ব্যতিক্ৰমী বিয়াত ৷ কি খাদ্য , কি আয়তীৰ উৰুলি , কি আনন্দ সকলো ইয়াত বিৰাজমান ৷ পিচে বিয়াখন মানুহৰ নহয়, দ্বিতীয়তে আপুনি ভাবি থকা ভেকুলীৰ বিয়াও নহয় ৷

author img

By

Published : Mar 12, 2019, 5:56 AM IST

Updated : Mar 12, 2019, 6:25 AM IST

ব্যতিক্ৰমী বিয়াৰ দৃশ্য

গুৱাহাটী, 11 মাৰ্চঃ এখন বিয়া ৷ সামাজিক ৰীতি-নীতি মতেই আৰম্ভ হৈছে বিয়াৰ আপ্যায়ন ৷ আয়তিৰ মঙ্গলধ্বনিত উদূলি-মুদুলি ৰভাতলী ৷ কোনোবাই যদি ৰন্ধা-বঢ়াত লাগিছে কোনোবাই আকৌ বিয়া বুলি এসাঁজ খাইছে জুতি লগাই ৷

ব্যতিক্ৰমী বিয়াৰ দৃশ্য

পিচে আপুনি সততে দেখি অহা বিয়া বুলি ভুল নকৰিব ৷ আপুনি চাগৈ ভাবিছে বাৰিষাৰ আগমনৰ আগে আগে এইয়া নিশ্চয় ভেকুলীৰ বিয়াৰ কথাই ক’ব খুজিছো ৷ অৱশ্যে বিয়াখন ভেকুলীৰ নহয় , দুজোপা গছৰ মাজত হোৱা বিয়াৰ কথাহে ক’বলৈ লৈছো ৷ সোমবাৰে ক্ষেত্ৰীৰ মালয়বাৰীৰ ঘগ্ৰাপাৰত এইদৰেই গাঁওবাসীক দেখা গ’ল এখন বিয়াক ব্যস্ত হৈ থকা ৷ প্ৰকৃতিপ্ৰেমী আৰু কৃষক ৰাইজে দুডাল গছৰ মাজত পাতি দিলে বিয়া ৷ দুজোপা গছ একলগ হোৱাৰ বাবেই ঈশ্বৰ বিশ্বাসী মানুহবোৰে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰিলে বিয়াখন ৷ গছৰ বিয়া বুলি গাঁওবাসী অৱশ্যে পিচপৰি নৰ’ল , যেনেদৰে মানৱ সমাজত এখন বিয়াত ৰীতি-নীতি আৰু সামাজিক প্ৰথাৰ মাজেৰে এখন বিয়া অনুষ্ঠিত হয় ঠিক তেনেদৰেই ঘগ্ৰাপাৰত সোমবাৰে দেখা গ’ল এই ব্যতিক্ৰমী বিবাহ ৷

Intro:Body:

Conclusion:
Last Updated : Mar 12, 2019, 6:25 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.