ETV Bharat / state

অধিসূচনাৰ পাছতো জলসিঞ্চনত যোগ দিবলৈ আহিল ৫৪ প্ৰাৰ্থী - ওদালগুৰি

বিগত ৮ মাৰ্চত জলসিঞ্চন প্ৰকল্পৰ বাবে বাচনি কৰা ৫৪ জনীয়া প্ৰাৰ্থীৰ তালিকা দেখুৱাই সোমবাৰে ওদালগুৰি জনসিঞ্চন বিভাগত যোগদান কৰিবলৈ আহে কেইবাজনো প্ৰাৰ্থী

udalguri
author img

By

Published : Mar 12, 2019, 12:48 AM IST

ওদালগুৰি, ১১ মাৰ্চঃ দেশৰ 17সংখ্যক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমগ্ৰ দেশতে বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি । ফলত বন্ধ হৈ পৰিল নতুন নিযুক্তিকে ধৰি নতুন নতুন আচনিৰ শুভাৰম্ভণি । কিন্তু ইয়াৰ মাজতে সোমবাৰে ওদালগুৰিত সংঘটিত হ’ল ব্যাপক অনিয়ম । বিগত ৮ মাৰ্চত জলসিঞ্চন প্ৰকল্পৰ বাবে বাচনি কৰা ৫৪ জনীয়া প্ৰাৰ্থীৰ তালিকা দেখুৱাই সোমবাৰে ওদালগুৰি জনসিঞ্চন বিভাগত যোগদান কৰিবলৈ আহে কেইবাজনো প্ৰাৰ্থী । যাৰ বাবে ঘটনাস্থলীত দণ্ডাধীশ উপস্থিতি হৈ নিযুক্তি প্ৰক্ৰিয়াত বাধা প্ৰদান কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

udalguri

উল্লেখযোগ্য যে, ধনশ্ৰী জলসিঞ্চন প্ৰকল্পৰ কেনেল -১ (এক) ত ১৫ জন, কেনেল ২ (দুই)ত ২০ জন, ওদালগুৰিস্থিত মঙ্গলদৈ মেকানিকেল ডিভিছনত ৭ জন আৰু ধনশ্ৰী প্ৰকল্পৰ ৱেৰ ডিভিচনত ২ জন প্ৰাৰ্থী সহ মুঠ ৪৪ জনকৈ প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছিল ওদালগুৰিত । কিন্তু কেনেকৈ নিৰ্বাচনী আধিসূচনা জাৰি কৰা পাচত চাকৰিত যোগদান কৰিব পাৰিব সেয়া লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় প্ৰকল্পটোত ।

আনহাতে, বাচনি কৰা ৫৪ জনীয়া প্ৰাৰ্থীৰ তালিকাৰ ৩৭ জনেই কোকৰাঝাৰ জিলাৰ প্ৰাৰ্থী । কেনেকৈ এখন জিলাৰ বৃহৎ সংখ্যক যুৱক যুৱতী বাচনি কৰা হ'ল ইয়াকলৈ ৰহস্যৰ সৃষ্টি হৈছে । বিটিচি প্ৰশাসনে প্ৰেৰণ কৰা তালিকা ধনৰ বিনিময়ত প্ৰস্তুত হৈছে নেকি বুলিও একাংশই সন্দেহৰ কৰে ।

Intro:.নির্বাচনী অধিসূচনা জাৰি হোৱাৰ পিছতো বিটিচিত চাকৰি নিযুক্তিৰ প্ৰক্ৰিয়া। দণ্ডাধীশ উপস্থিতি হৈ দিলে যোগদানত বাধা।

Body:সমাগত লোকসভা নিৰ্বাচন। ইতিমধ্যে জাৰি হৈছে নির্বাচনী অধিসূচনা। কিন্তু এই সময়তো বিটিচিত নিযুক্তিৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম। যোৱা ৮ মাৰ্চ তাৰিখে বাচনি কৰা ৫৪ জনীয়া জনীয়া প্ৰাৰ্থীৰ তালিকা দেখুৱাই আজি ওদালগুৰি জনসিঞ্চন বিভাগত যোগদান কৰিব আহিল কেইবাজনো প্ৰাৰ্থী। অবশ্যে পিছত দণ্ডাধীশৰ হস্তক্ষেপৰ বাবে যোগদানত বাধাৰ সন্মুখীন হৈ উভতি যাব লগা হল প্ৰাৰ্থী সকল। প্ৰাপ্ত তথ্যমতে ধনশ্ৰী জলসিঞ্চন প্ৰকল্পৰ কেনেল -১ (এক) ত ১৫ জন, কেনেল ২ (দুই)ত ২০ জন, ওদালগুৰিস্থিত মঙ্গলদৈ মেকানিকেল ডিভিছনত ৭ জন আৰু ধনশ্ৰী প্ৰকল্পৰ ৱেৰ ডিভিচনত ২ জন প্ৰাৰ্থী সহ মুঠ ৪৪ জনকৈ প্ৰাৰ্থীক নিযুক্তি দিয়া হৈছিল ওদালগুৰিত।
আনহাতে বাচনি কৰা ৫৪ জনীয়া প্ৰাৰ্থীৰ তালিকাৰ ৩৭ জনেই কোকৰাঝাৰ জিলাৰ প্ৰাৰ্থী । কেনেকৈ এখন জিলাৰে ইমান সংখ্যক যুৱক যুৱতীয়ে বাচনি লাভ কৰিলে ইয়াকলৈয়ো এতিয়া ৰহস্যৰ সৃষ্টি হৈছে । অন্যহাতে বিটিচি প্ৰশাসনে প্ৰেৰন কৰা এই তালিকা ধনৰ বিনিময়ত প্রস্তুত কৰিছিল নেকি ইয়াকলৈয়ো সন্দেহৰ সৃষ্টি হৈছে ।

byte- বিষয়া ( ধনশ্ৰী জলসিঞ্চন প্ৰকল্পৰ কেনেল -1)

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.