ETV Bharat / state

জলমগ্ন গুৱাহাটীৰ আজান পীৰ উদ্যান

author img

By

Published : Jul 13, 2019, 12:42 PM IST

ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কবলত পৰিছে গুৱাহাটীস্থিত আজান পীৰ উদ্যান ৷ ইয়াৰ লগতে ফাঁচী বজাৰ আৰু মাছখোৱাৰ বহু অঞ্চলো প্লাৱিত হোৱাৰ আশংকা কৰা হৈছে ৷

জলমগ্ন গুৱাহাটীৰ আজান পীৰ উদ্যান

গুৱাহাটী, 13 জুলাই : ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ ফলত গুৱাহাটীস্থিত আজান পীৰ উদ্যানৰ অধিকাংশ বুৰ গৈছে ৷ উজনি অসমৰ লগতে নামনি অসমৰো বহু অঞ্চলত বৰষুণে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত ফাঁচী বজাৰ আৰু মাছখোৱাৰ বহু অঞ্চলো প্লাৱিত হোৱাৰ আশংকা কৰা হৈছে ৷

জলমগ্ন গুৱাহাটীৰ আজান পীৰ উদ্যান

নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো উপনৈৰ জলস্তৰ বৃদ্ধি পোৱাত ৰাজ্যত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ ২২ ছেন্টিমিটাৰ ওপৰেৰে বৈ যোৱাৰ লগতে প্ৰতি ঘন্টাত ব্ৰহ্মপুত্ৰৰ জলস্তৰ মহানগৰীত ২ - ৩ ছেন্টিমিটাৰ বৃদ্ধি পাই আহিছে । উল্লেখ্য যে, বৰ্তমান ৰাজ্যৰ ২১ খনকৈ জিলা বানৰ কবলত পৰিছে আৰু চাৰি লক্ষাধিক লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ।

Intro:ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে প্লাবিত কৰিলে মহানগৰীৰ গুৱাহাটীৰ অজান পীৰ উদ্যান। ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধিৰ এই ধাৰা অব্যহত থাকিলে ফাঁচী বজাৰ আৰু মাছখোৱাৰ বহু অঞ্চল প্লাবিত হোৱাৰ আকাংক্ষা নুই কৰিব নোৱাৰি।

Body:মহানগৰীত ব্ৰহ্মপিত গাতে লাগি থকা অজান পীৰ উদ্যান প্লাবিত কৰিছে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে। উদ্যানখনৰ অধিকাংশ এতিয়া বুৰ গৈছে ব্ৰহ্মপুত্ৰৰ পানীত। উজনি অসমত যোৱা কিছুদিন ধৰি অব্যহত থকা বৰষুণৰ ফলত মহানগৰীটো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ব্ৰহ্মপুত্ৰ নদীয়ে। মহানগৰীত ব্ৰহ্মপুত্ৰৰ পানী বৃদ্ধিৰ এই ধাৰা অব্যাহত থাকিল প্লাবিত হোৱাত আকাংক্ষা আছে মহানগৰীৰ ব্যৱসায়িক কেন্দ্ৰ ফাঁচী বজাৰ আৰু মাছখোৱাৰ বহু অঞ্চল। নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি কেইবাখনো উপনৈৰ জলস্থৰ বৃদ্ধি পোৱাত ৰাজ্যত বানপানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। উজনিৰ পৰা নামনিলৈকে শতাধিক গাঁও এতিয়া ককবকাইছে বানপানীৰ ফলত। মহানগৰীটো ব্ৰহ্মপুত্ৰৰ জলস্থৰ ফেনেফুটুকা দি বৰ্দ্ধি পাইছে। বৰ্তমানত ব্ৰহ্মপুত্ৰৰ জলস্থৰ বিপদ সীমাৰ ২২ ছেন্টিমিটাৰ ওপৰেৰে বৈছে। প্ৰতি ঘন্টাত ব্ৰহ্মপুত্ৰৰ জলস্থৰ মহানগৰীত ২ পৰা ৩ ছেন্টিমিটাৰ বৃদ্ধি পাই আছে।

বাইট : শফিকুল হুছেইন, কেন্দ্ৰীয় জল আয়োগৰ কর্মী

Conclusion:মহানগৰী গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্থৰ বৰ্দ্ধি পোৱাৰ ধাৰা অব্যহত থাকিলে মহানগৰীৰ বহু অঞ্চল বানৰ কবলত পৰাৰ আকাংক্ষা আছে। বৰ্তমান ৰাজ্যৰ ২১খনকৈ জিলা বানৰ কবলত পৰিছে আৰু চৰি লক্ষাধিক লোক বানপানীৰ ফলত প্ৰভাৱিত হৈছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.