ETV Bharat / state

আজাৰা আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী - ধাৰাপুৰ

ৰাজ্যত এতিয়া কাঠফুলাৰ দৰে গঢ় লৈ উঠিছে ড্ৰাগছ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা ৷ আৰক্ষীৰ অভিযানত আটক দুই ব্যৱসায়ী ৷

আজাৰা আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী
author img

By

Published : May 29, 2019, 2:56 AM IST

কামৰূপ, 29 মে’: ৰাজ্যত এতিয়া কাঠফুলাৰ নিচিনাকৈ গঢ় লৈ উঠিছে ড্ৰাগছ ব্যৱসায়ীৰ ৰমৰমীয়া বেহা । ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে মহানগৰীৰ লগতে দাঁতিকাষৰীয়া অঞ্চল সমূহ । মঙলবাৰে ধাৰাপুৰৰ SOS ৰোডৰ পৰা আটক কৰা হয় ২ ড্ৰাগছ ব্যৱসায়ীক । আজাৰা আৰক্ষী থানা আৰু বৰঝাৰ আৰক্ষী চকীৰ যৌথ অভিযানত ধাৰাপুৰৰ SOS ৰোডৰ পৰা ১ গ্ৰাম হিৰ’ইন, গাঞ্জা সহ আটক কৰে দুই ড্ৰাগছ ব্যৱসায়ীক । ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে ভি আই ভি যোগীপাৰাৰ পৰাগমণি নাথ আৰু চৌকৰ্দৈৰ বিকাশ মেধী ।

আজাৰা আৰক্ষীৰ জালত দুই ড্ৰাগছ ব্যৱসায়ী

দুয়োজন ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৩ টা ম’বাইল আৰু নগদ ধন । আজাৰা আৰক্ষীৰ নিৰ্দেশমৰ্মে বৰঝাৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চাহনাজ ইয়াছমিনৰ নেতৃত্বত চলোৱা হৈছিল এই ড্ৰাগছবিৰোধী অভিযান । অনাগত দিনটো এনেদৰে অভিযান চলি থাকিব বুলি জনায় আজাৰা আৰক্ষীয়ে ।

Intro:31 মেত সমগ্র বিশ্বতে উদযাপিত হব বিশ্ব ধপাত বিৰোধী দিৱস । সেই উপলক্ষে কামৰূপ জিলা ধপাত বিৰোধী কেন্দ্ৰ আৰু অসম ধপাত বিৰোধী কেন্দ্ৰৰ উদ্যোগত 31 মেত কলাক্ষেত্ৰত অনুষ্ঠিত হব বিভিন্ন সজাগতা মূলক কাৰ্যসূচী । মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেলত যোগে এই কথা ঘোষণা কৰে তেওঁ লোকে । উল্লেখ্য যে 1987 চনৰ পৰা বিশ্ব স্বাস্থ্য সন্থাৰ উদ্যোগত ধপাত বিৰোধী দিৱস পাতি আহিছে প্ৰতিবছৰে । এই দিৱস উদযাপনৰ উদেশ্য এয়ে যে সকলোৱে যাতে ধপাত ব্যৱহাৰ কৰাৰ পৰা আতৰত থাকে তাৰ বাবে সজাগ কৰা । সমীক্ষা অনুসৰি ধপাত ব্যৱহাৰৰ ফলত ভাৰতত প্ৰতি বছৰত 13 লাখ মানুহৰ মৃত্যু হয় ।সেই অনুসৰি মৃত্যু হয় দৈনিক 3 হাজাৰ 3 শ লোকৰ । লগতে অসমত 48.2 শতাংশ মানুহেই যিকোনো ধৰণৰ ধপাত ব্যৱহাৰ কৰে বুলি সংবাদমেলত অৱগত কৰে । কেৱল স্বাস্থ্য বিভাগতে নহয় স্কুল, কলেজ,মহিলা সমিতি লগতে বিভিন্ন গাৱত ঘৰে ঘৰে গৈ সজাগতা অনুষ্ঠান কৰি আহিছে । প্ৰতি বছৰে প্ৰতি জিলাৰ 70 খন স্কুলত সজাগতা সভা অনুষ্ঠিত কৰি অহা হৈছে । লগতে ধপাত এৰিব বিচাৰি সকলৰ বাবে আজিকালি বিভিন্ন হাস্পতালত ব্যৱস্থা থকাৰ কথা জানিবলৈ দিয়ে ।

Body:লিপিকা ডেকা

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.