ETV Bharat / state

মহানগৰীৰ বাজপেয়ী ভৱনত অগপ বিজেপিৰ যুটীয়া সংবাদ মেল - জনসম্পৰ্কৰক্ষী গোট

সংবাদমাধ্যমৰ সন্মুখত নিৰ্বাচনী প্ৰচাৰকে ধৰি চৰকাৰৰ কামৰ খতিয়ান

অগপ বিজেপিৰ যুটীয়া সংবাদ মেল
author img

By

Published : Mar 16, 2019, 9:46 PM IST

গুৱাহাটী, ১৬ মাৰ্চঃ লোকসভা নিৰ্বাচনৰ পূৰ্বেই সংবাদ মাধ্যমক সম্বোধন অগপ বিজেপিৰ জনসম্পৰ্কৰক্ষী গোটৰ লগতে মুখপাত্ৰসকলৰ । শনিবাৰে গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্যালয় বাজপেয়ী ভৱনত যুটীয়াভাৱে সংবাদ মেল সম্বোধন কৰে অগপ আৰু বিজেপিৰ মুখপাত্ৰ তথা জনসম্পৰ্কৰক্ষী গোটৰ সদস্যসকলে ।

ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ অগপৰ মুখপাত্ৰ তথা জনসম্পৰ্কৰক্ষী গোটৰ সদস্যসকলৰ সৈতে নিৰ্বাচন সন্দৰ্ভত আলোচনাত মিলিত হয় বিজেপিৰ প্ৰতিনিধিসকল । সংবাদমেলৰ পিচতেই সাংবাদিকক সম্বোধন কৰে অগপ দলৰ মুখপাত্ৰ মনোজ শইকীয়া আৰু বিজেপি দলৰ মুখপাত্ৰ জয়ন্ত দাসে । সংবাদ মেলৰ অন্তত দুয়োগৰাকী নেতাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ।

অসম আন্দোলনৰ শ্বহীদ হোৱা ৮৫৫ গৰাকী থলুৱা ডেকাক হত্যা কৰা হৈছিল বুলি উল্লেখ কৰি কংগ্ৰেছ দলক উৎখাত কৰিবলৈ সংকল্প গ্ৰহণ কৰে দুয়োটা দলৰ কৰ্মীসকলে ৷ ইয়াৰ লগতে নিৰ্বাচনৰ সময়ত কোনবোৰ বিষয় আগবঢ়াই নিয়া হ'ব তথা সংবাদ মাধ্যমৰ সৈতে কেনেধৰণে যোগাযোগ ৰক্ষা কৰা হ'ব সেই সন্দৰ্ভত আলোচনা কৰা হয় বুলি প্ৰকাশ কৰে অগপ দলৰ মুখপাত্ৰ মনোজ শইকীয়াই৷ ইয়াৰ লগতে তেখেতে নিৰ্বাচনী প্ৰচাৰ কিদৰে আগবঢ়াই নিয়া হ'ব সেই সন্দৰ্ভত দুয়োটা দলৰে তিনিজনীয়া এখন কমিটি গঠন কৰি দিয়া হয় বুলি উল্লেখ কৰে ৷

অগপ বিজেপিৰ যুটীয়া সংবাদ মেল

ইয়াৰ লগতে বিজেপি দলৰ মুখপাত্ৰ জয়ন্ত দাসেও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে ৷ কেন্দ্ৰ আৰু ৰাজ্যত কংগ্ৰেছ দলক প্ৰতিহত কৰিবলৈ দুয়োটা দলেই কাম কৰি যাব বুলি উল্লেখ কৰে ৷ ৰাজ্যত বৰ্তমানে সূতা কম্বলৰ ৰাজনীতিৰ স্থান নাই বুলি উল্লেখ কৰি কংগ্ৰেছ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিক ক্ষুৰধাৰ সমালোচনা কৰে বিজেপি দলৰ মুখপাত্ৰগৰাকীয়ে ৷ তেঁও লগতে কয় যে, ৰাইজে এই কথা বুজি উঠিছে, বিজেপিৰ দিনত ৰাইজে শৌচালয়কে ধৰি ৰন্ধন গেছ, বিদ্যুৎ সংযোগৰ লগতে বিজেপি দলৰ শাসনকালত ৰাজ্যৰ ১১হাজাৰ ভূমিহীন থলুৱাই মাটিৰ পট্টা লাভ কৰিবলৈ সক্ষম হৈছে ৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ আঢ়ৈ বছৰীয়া শাসনকালতে এইদৰে থলুৱাসকলে নিজৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে আৰু অনাগত দিনত ১ লাখ থলুৱাই ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হ'ব বুলিও উল্লেখ কৰে ৷ ইয়াৰ লগতে অনাগত লোকসভা নিৰ্বাচনত দুয়োটা দলেই ১৪ খন আসনৰ সকলোকেইখনেই লাভ কৰিবলৈ সক্ষম হ'ব বুলি কয় বিজেপিৰ মুখপাত্ৰগৰাকীয়ে৷

A_GHY_16MAR_803_SPOKESPERSON MEET_VIS_BYT_AKASH

Visual sent by mojo kit

#  তৃতীয় দিনৰ বাবে অব্যাহত অগপ বিজেপিৰ মিতিৰ ৰাজনীতি
পুনৰ বিজেপিৰ কাৰ্যালয়ত অগপৰ প্ৰতিনিধি দল
অগপৰ মুখপাত্ৰ সকল উপস্থিত হেঙেৰাবাৰীৰ বাজপেয়ী ভৱনত
অগপৰ মুখপাত্ৰ সকলক 
কাৰ্যালয়লৈ আদৰণি বিজেপিৰ
#  অগপ-বিজেপি মুখপাত্ৰৰ যুটীয়া সংবাদমেল 
ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত এই সংবাদমেল

দুয়োটা দলৰে মিডিয়া চেলৰ মুখপাত্ৰসকলে আলোচনাত মিলিত হয়... কেনেদৰে প্ৰচাৰ চলাব, কিদৰে চৰকাৰৰ কামৰ খতিয়ান উপস্থাপন কৰ্ব সেই সন্দৰ্ভত আলোচনা হৈছে :- মনোজ শইকীয়া..

** অগপৰ কাৰ্যালয়ত প্ৰতিবাদ কৰা সকল আম আদমী পাৰ্টী আৰু কংগ্ৰেছৰ লোক আছিল...যিজনক গেকোপ্তাৰ কৰা হৈছে, তেও মাইন'ৰিটী মঞ্চৰ কাৰ্যকতা, যি মাইন'ৰিটী মঞ্চ কংগ্ৰেছৰ সৈতে মিলি আছে : মনোজ শইকীয়া..

** অগপ-বিজেপিৰ মিত্ৰতাক লৈ তৃণমূল পৰ্যায়ত ক্ষোভ আছে, কিন্তু ইতিমধ্যেই কৰ্মকৰ্তাক বুজাই দিয়া হৈছে..তেওলোকে বুজিছে : মনোজ শইকীয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.