ETV Bharat / state

আছুৰ পৰা অগপলৈ মণি! - লোকসভা নিৰ্বাচন

১৯ বছৰীয়া ছাত্ৰ সন্থাৰ জীৱন ত্যাগ কৰি অগপলৈ আহিল মণি মাধৱ মহন্ত।

আছুৰ পৰা অগপলৈ মণি!
author img

By

Published : Mar 20, 2019, 6:09 PM IST

গুৱাহাটী, 20মাৰ্চঃ লক্ষ্য লোকসভা নিৰ্বাচন! ১৯ বছৰৰ পাচত আছুক বিদাই মণিৰ।বহু জল্পনা-কল্পনাৰ অন্তত অৱশেষত বুধবাৰেঅগপত যোগদান কৰিলে আছুৰ প্ৰাক্তনউপসভাপতি মণি মাধৱ মহন্তই । মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ তথা আছুৰ প্ৰাক্তন উপসভাপতি গৰাকীক অগপত যোগদানৰ পূৰ্বে ঢোলে-ডগৰে অগপৰ আমবাৰী কার্যালয়লৈআদৰি আনে অগপৰ শতাধিক নেতা-কৰ্মীয়ে। মণি মহন্তৰ লগতে আছু আৰু যুৱ কংগ্ৰেছৰোকেইবাগৰাকী নেতাইআজি আনুষ্ঠানিক ভাৱে অগপত যোগদান কৰে। যোগদানৰ পিছত মণি মাধৱ মহন্তই সাংবাদিক কয় যে, ''মইজয় আই অসমৰ পৰা জয় আই অসমলৈ আহিছে'' । দলে যি দায়িত্ব দিয়ে সেয়া তেঁও পালন কৰিব বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে।

আছুৰ পৰা অগপলৈ মণি!

যোগদান অনুষ্ঠানত অগপৰ সভাপতি অতুল বৰাই অগপ আৰু বিজেপিৰ মিত্ৰতাক লৈবিৰোধী দলে অপপ্ৰচাৰ চলাই আহিছেবুলি মন্তব্য প্ৰকাশ কৰিকয় যে, ''অসমৰ ৰাইজে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব নালাগে''। অগপই অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰি যাব বুলিও সভাপতি গৰাকীয়ে প্ৰকাশ কৰে।

উল্লেখ্য যে আগন্তক লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিৰপৰা অগপ-বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰূপেমণি মাধৱ মহন্তৰ নাম প্ৰক্ষেপ কৰাৰ যি সৰৱ আলোচনা চলি আছিল মহন্তৰ অগপ গমনেসেই সম্ভৱনা এতিয়া আৰু অধিক স্পষ্ট কৰি তুলিছে।

Intro:সক্ৰিয় ৰাজনীতিলৈ আহিল ছাত্ৰ নেতা মণি মাধৱ মহন্ত। আছুৰ পৰা অগপলৈ আহিল আছুৰ প্ৰাক্তন উপসভাপতি মণি মাধৱ মহন্ত।

Body:অগপত যোগদান কৰিলে আছুৰ প্ৰাক্তন উপসভাপতি মণি মাধৱ মহন্ত। মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ তথা আছুৰ প্ৰাক্তন উপসভাপতি গৰাকীক আগপত যোগদানৰ পূৰ্বে ঢোলে দগৰে অগপ কার্যলায়ত আদৰি আনে অগপৰ শতাধিক কৰ্মী। মণি মহন্তৰ লগতে আছুৰ কেইবাগৰাকী নেতাৰ আৰু যুৱ কংগ্ৰেছৰো কেইবাজনো ব্যক্তিয়ে আজি আনুষ্ঠানিক ভাৱে অগপত যোগদান কৰে। যোগদানৰ পিছত মণি মাধৱ মহন্তই সাংবাদিক কয় যে তেওঁ জয় আই অসমৰ পৰা জয় আই অসমলৈ আহিছে। অগপৰ হৈ দলে যি দায়িত্ব দিব তেওঁ পালন কৰিব।

বাইট : মণি মাধৱ মহন্ত

যোগদান অনুষ্ঠানত অগপৰ সভাপতি অতুল বৰাই অগপ আৰু বিজেপিৰ মিত্ৰতালৈ বিৰোধী দলে অপপ্ৰচাৰ চলিছে বুলি মন্তব্য প্ৰকাশ কৰে আৰু কয় যে অসমৰ ৰাইজ এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব নালাগে। অগপই অসমৰ ৰাইজৰ স্বাৰ্থত কাম কৰি যাব।

বাইট : অতুল বৰা

Conclusion:১৯৯৭ চনত আছুত যোগদান কৰা মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃ মণি মাধৱ মহন্তই ১৯ বছৰ আছু কৰি আছুৰ উপসভাপতি হিচাপে বিদায় লয়। উল্লেখ্য যে আগন্তক লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিত পৰা অগপ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মণি মাধৱ মহন্ত নাম প্ৰক্ষেপ কৰাৰ পূৰ্ণ সম্ভাবনা আছে।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.