ETV Bharat / state

NRCৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ দুই বিষয়া - চয়েদ চাহজাহান

বিদেশী ন্যায়াধিকৰণৰ ভয় দেখুৱাই ৰাজ্যত NRCৰ নামত এতিয়া গঢ়ি উঠিছে এখন বৃহৎ ক'লা বজাৰ ৷ তেনে এক কাণ্ড সংঘটিত কৰি বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল গণেশগুৰি NRC সেৱা কেন্দ্ৰৰ দুই কৰ্মচাৰী ৷

NRCৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ দুই NRC ৰ বিষয়া
author img

By

Published : Jun 13, 2019, 9:35 PM IST

গুৱাহাটী, 13 জুনঃ বিদেশী ন্যায়াধিকৰণৰ ভয় দেখুৱাই ৰাজ্যত NRCৰ নামত এতিয়া গঢ়ি উঠিছে এখন বৃহৎ ক'লা বজাৰ ৷ খচৰাত নাম নথকা একাংশ ভুক্তভোগীক বিদেশী ন্যায়াধিকৰণৰ ভয় দেখুৱাই ধন দাবী কৰি আহিছে NRCৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে ৷ তেনে এক কাণ্ড সংঘটিত কৰি বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল গণেশগুৰি NRC সেৱা কেন্দ্ৰৰ দুই কৰ্মচাৰী ৷ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া চয়েদ চাহজাহানৰ লগতে গ্ৰেপ্তাৰ হ'ল সহকাৰী স্থানীয় নাগৰিক পঞ্জীয়ক ৰাহুল পৰাশৰ ৷

NRCৰ নামত ঘোচ লৈ গ্ৰেপ্তাৰ দুই NRC ৰ বিষয়া

উল্লেখ্য যে, কলকাতাৰ কাজোৰি ঘোষ দত্ত নামৰ মহিলাগৰাকী ২০০৬ চনত বিবাহ সূত্ৰে গুৱাহাটীৰ বাসিন্দা হৈছিল ৷ NRCত শহুৰৰ লিগেছী ব্যৱহাৰ কৰা বাবেই খচৰাত নাম অহা নাছিল মহিলাগৰাকীৰ ৷পিছত কলকাতাৰ ভোটাৰ কাৰ্ডসহ অন্য নথিসমূহৰ পৰীক্ষাও সম্পন্ন হৈছিল মহিলাগৰাকীৰ ৷ তথ্য অনুসৰি ২৯ মে'ত গড়চুকৰ NRC কেন্দ্ৰত সম্পন্ন হৈছিল নথি পৰীক্ষা ৷ কিন্তু এই প্ৰক্ৰিয়াৰ শেহতীয়া স্থিতি জানিবলৈ আহোতে গণেশগুৰিৰ সেৱাকেন্দ্ৰৰ দুই বিষয়াই বিদেশী ন্যায়াধীকৰণৰ ভয় দেখুৱাইছিল মহিলাগৰাকীক ৷ আৰু Ofline যোগে NRCত নাম অন্তৰ্ভূক্ত কৰাৰ প্ৰতিশ্ৰুতিৰে ১০ হাজাৰ টকাৰ ঘোচ বিচাৰিছিল ৷ ৭ জুনত দুই বিষয়াই মহিলাগৰাকীৰ পৰা ঘোচ বিচাৰিছিল আৰু তাৰ পিছতেই মহিলাগৰাকী কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ ৷ বৃহস্পতিবাৰে পুৱা গণেশগুৰি NRC সেৱাকেন্দ্ৰত ১০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰা পৰি গ্ৰেপ্তাৰ হয় দুয়োজন বিষয়া ৷

লগতে পঢ়কঃ ৰাকেশ পালৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

GFX NRCৰ নামত বৃহৎ ক'লা বজাৰ
GFX ঘোচ লৈ গ্ৰেপ্তাৰ দুই NRC ৰ বিষয়া
GFX খচৰাত নাম অন্তৰ্ভূক্তিৰ নামত দাবী ১০ হাজাৰ
Vo  বিদেশী ন্যায়াধীকৰণৰ ভয় দেখুৱাই ৰাজ্যত NRCৰ নামত এতিয়া গঢ়ি উঠিছে এখন বৃহৎ কলা বজাৰ ৷ খচৰাত নাম নথকা একাংশ ভূক্তভোগীক GFX বিদেশী ন্যয়াধীকৰণৰ ভয় দেখুৱাই ধন দাবী কৰি আহিছে NRCৰ একাংশ বিষয়া কৰ্মচাৰীয়ে ৷ তেনে এক কাণ্ড সংঘটিত কৰি বৃহস্পতিবাৰে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল গণেশগুৰী NRC সেৱা কেন্দ্ৰৰ দুই কৰ্মচাৰী ৷
GFXগ্ৰেপ্তাৰ ক্ষেত্ৰ পৰ্যায়ৰ বিষয়া চয়েদ চাহজাহান
GFX গ্ৰেপ্তাৰ সহকাৰী স্থানীয় নাগৰিক পঞ্জীয়ক ৰাহুল পৰাশৰ
BYTE
GFX ২০০৬ চনত বিবাহ সূত্ৰে গুৱাহাটীৰ বাসিন্দা হৈছিল VO কলকাতাৰ কাজোৰি ঘোষ দত্ত নামৰ মহিলাগৰাকী ৷
GFX  NRCত শহুৰৰ লিগেছী ব্যৱহাৰ কৰা বাবেই খচৰাত নাম অহা নাছিল মহিলাগৰাকীৰ ৷
VO পিছত কলকাতাৰ ভোটাৰ কাৰ্ডসহ অন্য নথীসমূহৰ পৰীক্ষাও সম্পন্ন হৈছিল মহিলাগৰাকীৰ ৷ 
GFX ২৯ মে'ত গড়চুকৰ NRC কেন্দ্ৰত সম্পন্ন হৈছিল নথী পৰীক্ষা ৷
Vo কিন্তু এই প্ৰক্ৰিয়াৰ শেহতীয়া স্থিতি জানিবলৈ আহোতে গণেশগুৰীৰ এইটো সেৱাকেন্দ্ৰৰ এই দুই বিষয়াই বিদেশী ন্যায়াধীকৰণৰ ভয় দেখুৱাইছিল মহিলাগৰাকীক ৷ আৰু
GFX Ofline যোগে নামটো NRCত অন্তৰ্ভূক্তি কৰাই দিম বুলি ঘোচ বিচাৰিছিল ১০ হাজাৰ টকা ৷

#  ৭ জুনত দুই বিষয়াই ঘোচ বিচাৰিছিল মহিলাগৰাকীৰ পৰা ৷ আৰু তাৰ পিছতেই  মহিলাগৰাকী কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ 

GFX NRCৰ দায়িত্বত থকা চৈয়েদ ছাহজাহান হৈছে যোগান বিভাগৰ কৰ্মচাৰী
আৰু GFX ৰাহুল পৰাশৰ জলশিঞ্চন বিভাগৰ কৰ্মচাৰী ৷

#  বৃহস্পতিবাৰে পুৱা গণেশগুৰী NRC সেৱাকেন্দ্ৰৰ ground floorৰ এই স্থানত ১০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে-লোটে গ্ৰেপ্তাৰ হয় দুয়োজন বিষয়া ৷ 

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.