শিলচৰ, ২৫ ফেব্ৰুৱাৰী: শিলচৰত বৰাক নৈত জাপ দি আত্মহত্যা কৰিলে এজন যুৱকে । বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত এই ঘটনা সংঘটিত হয় । উজ্জল দত্ত নামৰ যুৱকজনে চদৰঘাট দলঙৰ পৰা বৰাক নৈত জাপ দিয়ে ।
কিন্তু দলঙৰ পৰা জপিওৱাৰ পিছত যুৱকজন পানীত নপৰি দলঙৰ পিলাৰৰ পকী অংশত পৰে আৰু থিতাতে মৃত্যু হয় ৷ মৃত্যু উজ্জল দত্তৰ ঘৰ কৰিমগঞ্জ জিলাৰ মামুদপুৰ চাহ বাগিছাত ৷
ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । যুৱকজনে কিয় জীৱনৰ চৰম পথ বাচি ল'লে সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই । আনহাতে, যুৱকজনৰ আত্মহননৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
লগতে পঢ়ক:এতিয়াও প্ৰস্তুত হোৱা নাই মহাজোটৰ ন্যূনতম উমৈহতীয়া কৰ্মসূচী