শিলচৰ, 3 মে’: শিলচৰ সদৰ ঘাট দলঙৰ এতিয়া জৰাজীৰ্ণ অৱস্থা ৷ মাত্ৰ ছমাহ পূৰ্বে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোাৱালে মুকুলি কৰিছিল শিলচৰৰ সদৰ ঘাটৰৰ দলংখন । বৰাক উপত্যকাৰ স্বপ্নৰ এই দলংখন এতিয়া জৰাজীৰ্ণ অৱস্থা । ভাঙি-ছিগি গৈছে দলংখনৰ বহু অংশ ।
দুৰ্নীতিৰ কাৰণে জীয়াতু ভূগিব লগা হৈছে সৰ্বসাধাৰণ ৰাইজে ৷ বিজেপি চৰকাৰ অহাৰ পিচতে ৰাইজে ভাবিছিল এতিয়া দুৰ্নীতিমুক্ত হ’ব শিলচৰ ৷ কিন্তু এই নতুনকৈ বনোৱা দলংখনে পুনৰ প্ৰমাণ কৰিলে চৰকাৰ বদলি হলেও দুর্নীতিৰ অন্ত পৰা নাই চহৰখনত ।