শিলচৰ,২৪ ফেব্ৰুৱাৰী: শিক্ষাখণ্ডৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ উদঙাইছে কাছাৰৰ এখন প্ৰাথমিক বিদ্যালয়ে । কাছাৰ জিলাৰ উধাৰবন্ধ শিক্ষাখণ্ডৰ অধীনত থকা ১৩৩২ নং পলাংটিকি প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অনুপস্থিতিৰ বাবে উপযুক্ত শিক্ষা লাভৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱকসকলে । বিগত ৫ বছৰ ধৰি বিদ্যালয়খনত প্ৰধান শিক্ষক নিযুক্তি দিয়া নাই । ক্ৰমাৎ গোহালিলৈ পৰিণত হৈছে বিদ্যালয়ৰ ৰান্ধনী গৃহ ।
বিদ্যালয়ত মুঠ ৪২ গৰাকী ছাত্ৰ-ছাত্ৰী আছে ৷ আটাইকে একেটা কোঠাতে বহাই একেলগে পাঠদান কৰা হয় । সেয়ে, বিদ্যালয়খনলৈ শৈক্ষিক পৰিৱেশ ঘূৰাই আনিবলৈ দাবী জনাই বিদ্যালয় চৌহদত বিক্ষোভ প্ৰদৰ্শন কৰিলে কণ কণ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলে । বিদ্যালয়খনত মুঠ চাৰিজন সহকাৰী শিক্ষক আছে যদিও বিগত ৫ বছৰ ধৰি প্ৰধান শিক্ষক নিযুক্তি দিয়া নাই । অভিভাৱকৰ অভিযোগ মতে, চাৰিগৰাকী শিক্ষকৰ ভিতৰত কেৱল এজন শিক্ষক বিদ্যালয়লৈ আহে ৷ ফলত উপযুক্ত শিক্ষা লাভৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰীসকল ৷
আনহাতে, বিগত কেইবছৰো ধৰি মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল ৷ এই বিষয়ে কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হৈছে ৷ কিন্তু আজিলৈকে বিভাগৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই ৷ উপায়হীন হৈ বিদ্যালয় চৌহদত বিক্ষোভ প্ৰদৰ্শন কৰে অভিভাৱক সকলে ৷ শীঘ্ৰে এই সমস্যাৰ সমাধান নকৰিলে আন্দোলন তীব্ৰতৰ কৰি তোলা হ'ব বুলিও হুংকাৰ দিয়ে অভিভাৱকসকলে ।
লগতে পঢ়ক:কংগ্ৰেছক তুলাধূনা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ