ETV Bharat / state

কাগজ কল পুনৰ উজ্জীৱিত কৰাৰ দাবীত শিলচৰত ধৰ্মঘট

author img

By

Published : Jan 26, 2021, 4:25 PM IST

কাছাৰ আৰু নগাঁও কাগজ কলৰ উজ্জীৱিত কৰাৰ দাবীৰ লগতে ৭৯ গৰাকী কৰ্মচাৰীৰ অকাল মৃত্য়ুৰ প্ৰতিবাদত শিলচৰত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । জাক্ৰুৱে আয়োজন কৰা এই ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কাগজ কলৰ কৰ্মচাৰী আৰু বিভিন্ন দল-সংগঠনৰ ।

কাগজ কল পুনৰ উজ্জীৱিত কৰাৰ দাবীত শিলচৰত ধৰ্মঘট
কাগজ কল পুনৰ উজ্জীৱিত কৰাৰ দাবীত শিলচৰত ধৰ্মঘট

শিলচৰ , ২৬ জানুৱাৰী : ৰাজ্য়ৰ ভিন্ন প্ৰান্তত গণৰাজ্য় দিৱস উদযাপন কৰাৰ সময়তে কাছাৰৰ শিলচৰত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । কাছাৰ আৰু নগাঁও কাগজ কলৰ উজ্জীৱিত কৰাৰ দাবীৰ লগতে ৭৯ গৰাকী কৰ্মচাৰীৰ অকাল মৃত্য়ুৰ প্ৰতিবাদত শিলচৰত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । নগাঁও আৰু কাছাৰ কাগজ কলৰ জইন্ট এক্সন কমিটী অব ৰিকোগনাইজড ইউনিয়ন চমুকৈ জাক্ৰুৱে আয়োজন কৰে এই ধৰ্মঘট কাৰ্যসূচীৰ । পুৱা ১১ বজাৰ পৰা শিলচৰৰ ক্ষুদিৰাম মূৰ্তিৰ তলত আয়োজিত ধৰ্মঘট কাৰ্যসূচীত কাগজ কলৰ কৰ্মচাৰীৰ লগতে ভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰে ।

কৰ্মচাৰী সকলে পাব লগা বেতন মুকলিৰ লগতে কৰ্মচাৰীৰ ভৱিষ্য়তৰ সুৰক্ষা প্ৰদান আৰু কাগজ কল দুটা পুনৰ উজ্জীৱিত কৰাৰ দাবী জনাই প্ৰতিবাদকাৰী তথা কৰ্মচাৰীসকলে । ইফালে ৰাজ্য় চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰকো বিভিন্ন ধৰণৰ সমালোচনা কৰাৰ লগতে অতি শীঘ্ৰে তেওঁলোকৰ দাবী পূৰণ নহলে তীব্ৰ আন্দোলনৰো হুংকাৰ দিয়ে ।

লগতে পঢ়ক :কলিয়াবৰত ৭২ সংখ‍্যক গণৰাজ‍্য দিৱস পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.