শিলচৰ,২৫ ফেব্ৰুৱাৰী: বুধবাৰে আলগাপুৰ নির্বাচনী চক্রৰ তাপাং ব্লকৰ মূল পথৰ আধাৰশিলা স্থাপন কৰে সাংসদ কৃপানাথ মাল্লাই । মূল পথ পুনৰ নিৰ্মাণৰ বাবে ১০ কোটি টকা আবণ্টন দিয়া হৈছে । তাপাঙৰ ইন্দ্রগৰৰ পৰা এই পথছোৱা নিৰ্মাণ কৰা হ'ব ।
বুধবাৰে আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে কাছাৰ জিলা পৰিষদৰ অধ্যক্ষ অমিতাভ ৰয়, তাপাং ব্লকৰ সভানেত্রী অনুৰাধা দেৱৰ লগতে কেইবাগৰাকীও বিভাগীয় বিষয়া । ৰাজ্য চৰকাৰৰ ছিগনেছাৰ প্রজেক্টৰ অধীনত এই পথৰ আধাৰশিলা স্থাপন কৰা হৈছে ।
লগতে পঢ়ক:বিজেপিয়ে সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰে: সুস্মিতা দেৱ