ETV Bharat / state

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীলৈ ২০২১ চনৰ ৰংবং তেৰাং সমন্বয় বঁটা - ৰংবং তেৰাং সমন্বয় বঁটা

২০২১ চনৰ "ৰংবং তেৰাং সমন্বয় বঁটা'ৰ বাবে মনোনীত হৈছে অসমৰ এগৰাকী জনপ্ৰিয় উপন্যাসিক, গল্পকাৰ তথা কবি "অনুৰাধাৰ দেশ'ৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী ৷ অহা ১৩ জানুৱাৰী সাহিত্যিকগৰাকীক প্ৰদান কৰা হ'ব এই বঁটা ৷

২০২১ চনৰ ৰংবং তেৰাং সমন্বয় বঁটা
২০২১ চনৰ ৰংবং তেৰাং সমন্বয় বঁটা
author img

By

Published : Dec 31, 2020, 4:12 PM IST

ডিফু, 31 ডিচেম্বৰ: প্ৰতি বছৰৰ দৰে এই বছৰো বকলীয়াঘাটৰ অন্যতম প্ৰকাশন 'চিংথুৰ প্ৰকাশন'ৰ উদ্যোগত, অসম সাহিত্য সভাৰ কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত 'ৰংবং তেৰাং সমন্বয় বঁটা' প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি ২০১৭ চনৰ পৰা এই বঁটা বিশিষ্ট সাহিত্যিক, গৱেষক আৰু লোক সংস্কৃতিৰ সাধক সকলক প্ৰদান কৰি অহা হৈছে ৷ ইতিমধ্যে ২০১৭ চনত বিশিষ্ট সাহিত্যিক লোক-সংস্কৃতিৰ গৱেষক পণ্ডিত ড৹ বীৰেন্দ্ৰ দত্ত, ২০১৮ চনত অৰুণাচল তথা অসমৰ প্ৰখ্যাত গল্পকাৰ তথা উপন্যাসিক য়েছে দৰজে ঠংছি, ২০১৯ চনত প্ৰবীণ সাংবাদিক তথা বিশিষ্ট সাহিত্যিক হোমেন বৰগোঁহাঞিক আৰু ২০২০ চনত বলিষ্ঠ সাংবাদিক তথা সাহিত্যিক ড৹ নগেন শইকীয়ালৈ এই বঁটা আগবঢ়োৱা হৈছে ৷

ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীলৈ ২০২১ চনৰ ৰংবং তেৰাং সমন্বয় বঁটা

২০২১ চনৰ "ৰংবং তেৰাং সমন্বয় বঁটা'ৰ বাবে অসমৰ এগৰাকী জনপ্ৰিয় উপন্যাসিক, গল্পকাৰ তথা কবি "অনুৰাধাৰ দেশ'ৰ স্ৰষ্টা ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীক মনোনীত কৰা হৈছে ৷ অহা ১৩ জানুৱাৰীৰ পুৱা 10:30 বজাত বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠাত প্ৰদান কৰা হ'ব বঁটাতো ৷ বঁটা হিচাপে নগদ ধনৰ লগতে, পৰাম্পৰাগত কাৰ্বি সাজ-পোছাক আৰু স্থানীয় লেখকৰ গ্ৰন্থৰ টোপোলা আগবঢ়োৱা হ'ব ৷ বঁটা প্ৰদান কৰিব অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমন্ত্ৰিত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই ৷

অনুষ্ঠানত পদ্মশ্ৰী ৰংবং তেৰাঙৰ লগতে গণ্যমান্য ব্যক্তিৰ উপস্থিতিত, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি প্ৰয়াত সুভাষ চন্দ্ৰ দাসৰ জীৱন আৰু কৰ্মৰাজী সামৰি বিশ্বজ্যোতি হাজৰিকাৰ সম্পাদনাত প্ৰকাশ পাবলগীয়া গ্ৰন্থ "সুভাষ চন্দ্ৰ দাস, জীৱন আৰু কৰ্ম" আৰু সু সাহিত্যিক তথা চিকিৎসক ডাঃ মেহতাব হুছেইনৰ এখনি গল্প সংকলন "এৰাসুঁতিৰ ঘাট" উন্মোচন কৰা হ'ব ৷ এই বিষয়ে বৃহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদমেযোগে সদৰী কৰে, চিংথুৰ প্ৰকাশনৰ স্বত্বাধিকাৰ বিশ্বজ্যোতি হাজৰিকাই ৷ ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলত ক্ৰমে চিংথুৰ প্ৰকাশনৰ স্বত্বাধিকাৰ বিশ্বজ্যোতি হাজৰিকা, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰা, সু-সাহিত্যক তথা চিকিৎসক ডাঃ মেহতাব হুছেইন আৰু কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি হৰিমোহন জিগদুং উপস্থিত থাকে ৷

লগতে পঢ়ক: পহিলা জানুৱাৰীৰ পৰা মুকলি অসম ৰাজ্যিক চিৰিয়াখানা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.