শিলচৰ,10 জানুৱাৰী : কাছাৰত পথ নিৰ্মাণক লৈ তীব্ৰ প্ৰতিবাদ স্থানীয় ৰাইজৰ ৷ জিলাখনৰ ধলাই নির্বাচনী চক্রৰ দক্ষিণ ধলাইৰ জামালপুৰ জিপিৰ পাকাৰপুলৰ পৰা নাৰাইনপুৰ কাছাৰিঘাট পর্যন্ত গ্রামীণ পথটো নিৰ্মাণ নোহোৱাৰ বাবে স্থানীয় ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
শনিবাৰে দুই শতাধিক ৰাইজে এক প্ৰতিবাদী সভাত মিলিত হৈ চৰকাৰ তথা জনপ্ৰতিনিধিক পথ নিৰ্মাণৰ দাবী জনায় ৷ পথ নিৰ্মাণৰ দাবীৰে ৰাইজে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ দৃষ্টি আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : বাইহাটাত ন-পুৰণি বিজেপি কৰ্মীৰ মাজত সংঘাত!