ETV Bharat / state

আৰম্ভ হ'ব কংগ্ৰেছৰ জনসচেতনতামূলক ৰেলী - মতামত গ্ৰহণ কৰিব কংগ্ৰেছৰ প্ৰতিনিধিয়ে

বৰাকত সাধাৰণ ৰাইজৰ কাষলৈ গৈ মতামত গ্ৰহণ কৰিব কংগ্ৰেছৰ প্ৰতিনিধিয়ে । ১৭ ফেব্ৰুৱাৰীৰ পৰা শিলচৰত আৰম্ভ হ'ব 'অসম বচাও আহক' শীৰ্ষক কংগ্ৰেছৰ জনসচেতনতামূলক ৰেলী । বিজেপি চৰকাৰৰ কি কি সুবিধা লাভৰ পৰা বঞ্চিত হ'ল আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিলে ৰাইজে কি কি সুবিধা বিচাৰে এই বিষয়ে কংগ্ৰেছৰ প্ৰতিনিধিয়ে পৰামৰ্শ ল'ব ৰাইজৰ পৰা । সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰিলে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে ।

শিলচৰত আৰম্ভ হ'ব কংগ্ৰেছৰ জনসচেতনতামূলক ৰেলী

author img

By

Published : Feb 16, 2021, 2:00 PM IST

শিলচৰ,১৬ ফেব্ৰুৱাৰী: ৰাইজৰ মতামত অন্তৰ্ভুক্ত হ'ব কংগ্ৰেছৰ মেনিফেষ্টোত । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নিৰ্দেশমৰ্মে ১৭ ফেব্ৰুৱাৰীৰ পৰা শিলচৰত আৰম্ভ হ'ব 'অসম বচাও আহক' শীৰ্ষক কংগ্ৰেছৰ জনসচেতনতামূলক ৰেলী । এই ৰেলীৰ জৰিয়তে ৰাইজৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিব কংগ্ৰেছ প্ৰতিনিধিয়ে । সোমবাৰে সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱে এক সংবাদমেল সম্বোধন কৰি কয় যে, কংগ্ৰেছৰ প্ৰতিনিধি থকা এখন বাহন বৰাকৰ সমষ্টিয়ে সমষ্টিয়ে ঘূৰিব আৰু স্থানীয় লোকৰ সৈতে প্ৰতিনিধিয়ে মত-বিনিময় কৰিব ।

বৰ্তমান বিজেপি চৰকাৰৰ কাৰ্যকালত ৰাইজে কি কি সুবিধা লাভ কৰাৰ পৰা বঞ্চিত হৈছে তথা কি কি অসুবিধাৰ সন্মুখীন হৈছে এই বিষয়ে কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীক অৱগত কৰিব পাৰিব । লগতে আগন্তুক নিৰ্বাচনত বিজয়ী হৈ কংগ্ৰেছে চৰকাৰ গঠন কৰিলে চৰকাৰে কেনেদৰে কাম কৰা উচিত তথা ৰাইজে চৰকাৰৰ পৰা কি আশা কৰে সেই সম্পৰ্কেও পৰামৰ্শ আগবঢ়াৱ পাৰিব ।

এই সকলো মতামত চালি-জাৰি চাই কংগ্ৰেছে নিজৰ মেনিফেষ্টো প্ৰস্তুত কৰিব বুলিও মন্তব্য কৰে সুস্মিতা দেৱে । তেওঁ লগতে কয় যে, বিজেপি চৰকাৰৰ শাসনকালত অসমত কোনো ধৰণৰ পৰিৱর্তন হোৱা নাই । বিজেপিয়ে বহু প্রতিশ্রুতি আৰু আশ্বাস দিছিল যদিও অসমৰ ৰাইজ এতিয়া সুখী নহয় । সেয়ে, ৰাইজক সজাগ কৰিবলৈ কংগ্ৰেছে 'অসম বচাও আহক' শীৰ্ষক জনসচেতনতা ৰেলীৰ আয়োজন কৰিছে ।

লগতে পঢ়ক: শিক্ষক নিযুক্তিক লৈ অসন্তুষ্ট দলগাঁৱৰ ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.