ETV Bharat / state

বঙালী নিৰ্যাতনৰ অভিযোগত শিলচৰত প্ৰতিবাদ

author img

By

Published : Oct 8, 2020, 9:43 AM IST

বঙালী সকলৰ ওপৰত নিৰ্যাতনৰ অভিযোগ তুলি শিলচৰত প্ৰতিবাদ ৷ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লোকে বঙালী সকলক নিৰ্যাতন চলোৱাৰ অভিযোগ ৷ এই অভিযোগত আমৰা বাঙালী, সাৰা বাঙ্গালি ছাত্ৰ সন্থাৰ পতিবাদ সাব্যস্ত ৷ বাঙালী লোকসকলৰ ওপৰত নিৰ্যাতনৰ পাছতো কোনো পদক্ষেপ গ্ৰহন নকৰাক লৈ চৰকাৰৰ ওপৰত ক্ষোভিত প্ৰতিবাদকাৰী সকল ৷

বঙালী নিৰ্যাতনৰ অভিযোগত শিলচৰত প্ৰতিবাদ
বঙালী নিৰ্যাতনৰ অভিযোগত শিলচৰত প্ৰতিবাদ

শিলচৰ, 8 অক্টোবৰ: শিলচৰত শ্বহীদ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত বঙালী সকলৰ প্ৰতিবাদ ৷ চুবুৰীয়া ৰাজ্য মেঘালয়l বাঙালী লোকৰ ওপৰত হোৱা নিৰ্যাতন আৰু এইক্ষেত্ৰত চৰকাৰে কোনো সঠিক পদক্ষেপ নোলোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিলে আমৰা বাঙালী আৰু সাৰা বাঙ্গালি ছাত্ৰ যুৱ সন্থাই ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ মেঘালয় ৰাজ্যৰ ভোলাগঞ্জ আৰু ইশামতি অঞ্চলত বাস কৰা বঙালী লোকসকলৰ ওপৰত মেঘালয়ৰ লোকে নিৰ্যাতন চলাই অহিছে; কিন্তু সকলো দেখিও এইক্ষেত্ৰত চৰকাৰে নিৰৱ ভূমিকা পালন কৰিছে ৷ বঙালী লোকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ পৰিপ্ৰেক্ষিতত দেশৰ গৃহ মন্ত্ৰণালয় আৰু মেঘালয় চৰকাৰক ধিক্কাৰ জনালে প্ৰতিবাদকাৰী সকলে ৷

শিলচৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ

বিজেপি শাসনাধীন চৰকাৰৰ ওপৰত ক্ষোভিত এইসকল প্ৰতিবাদকাৰীয়ে কয় যে, কেন্দ্ৰ আৰু ৰাজ্য উভয়তে শাসনত থকা বিজেপি চৰকাৰে বঙালী লোক সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহন কৰা নাই ৷ প্ৰতিবাদকাৰী সকলৰ অভিযোগ, বিগত চাৰি মাহ ধৰি বঙালী সম্প্ৰদায়ৰ লোকসকলে খুলিব পৰা নাই দোকান-বজাৰ ৷ খাচী ছাত্ৰ সন্থাই 24 জনকৈ বঙালীৰ বিৰুদ্ধে গোচৰ দিছে; কিন্তু এইক্ষেত্ৰত চৰকাৰে বিষয়টোৰ সন্দৰ্ভত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ৷ প্ৰতিবাদকাৰী সকলে অভিযোগ কৰি লগতে কয় যে সমগ্ৰ ঘটনা সন্দৰ্ভত তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰী আৱগত কৰিছে সকলো; কিন্তু এই ক্ষেত্ৰত তেওঁলোকে চৰকাৰ পক্ষৰ পৰা লাভ কৰা নাই কোনো সঁহাৰি ৷

লগতে পঢ়ক: হাথৰছ কাণ্ডৰ ন্যায় বিচাৰি শিলচৰত কংগ্ৰেছৰ মৌন প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.