ETV Bharat / state

বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে শিলচৰত প্ৰতিবাদ

author img

By

Published : Oct 28, 2020, 10:46 PM IST

স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে বুধবাৰে সন্ধিয়া শিলচৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে, বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটীয়ে ৷

শিলচৰত প্ৰতিবাদ
শিলচৰত প্ৰতিবাদ

কাছাৰ, 28 অক্টোবৰ: বিষ্ণুপ্ৰিয়া মণিপুৰী সকলৰ বাবে স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে বুধবাৰে সন্ধিয়া শিলচৰত জোঁৰ সমদল উলিয়ায় বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটীয়ে ৷ আগন্তুক বিধানসভা অধিৱেশনত স্বায়ত্ব শাসিত পৰিষদ গঠনৰ বিধেয়ক উত্থাপন কৰি সদনত গৃহীত কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে ৷

বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে শিলচৰত প্ৰতিবাদ
বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীৰে শিলচৰত প্ৰতিবাদ

বুধবাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত কমিটীখনে জোঁৰ সমদল উলিওৱা বুলি সদৰী কৰে বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটীৰ সভাপতি গোপীদাস সিনহাই ৷ বিষ্ণুপ্ৰিয়া মণিপুৰী সকলৰ বাবে স্বায়ত্ব শাসিত পৰিষদ গঠন নকৰিলে নিৰ্বাচনৰ পূৰ্বে ইয়াতকৈয়ো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক: চিৰাঙত ইউপিপিএলৰ "পৰিৱৰ্তন যাত্ৰা" শীৰ্ষক কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.