ETV Bharat / state

বৰাকত অসমীয়া ভাষাৰ দুৰৱস্থা : ক'লা ৰঙেৰে মোহাৰি পেলোৱা হ'ল অসমীয়াত লিখা ফলক

author img

By

Published : Oct 18, 2021, 1:41 PM IST

Updated : Oct 18, 2021, 4:50 PM IST

বৰাকত ক'লা ৰঙেৰে মোহাৰি পেলোৱা হ'ল অসমীয়াত লিখা ফলক ৷ শিলচৰ ৰে'ল ষ্টেচনত অসমীয়া ভাষাত লিখা পোষ্টাৰ লগোৱাৰ বিৰোধিতাৰে সৰৱ হৈ উঠিল বৰাক ডেম'ক্ৰেটিক যুৱ ফ্ৰণ্টৰ লগতে স্থানীয় বিভিন্ন দল-সংগঠন ৷

pathetic condition of assamese language in barak
বৰাকত অসমীয়া ভাষাৰ দুৰাৱস্থা

কাছাৰ, 18 অক্টোবৰ : বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ক লৈ ৰাজনৈতিক নেতাসকলে দিয়া বৰ বৰ ভাষণক অৰ্থহীন প্ৰমাণিত কৰি বৰাকত মোহাৰি পেলোৱা হ'ল অসমীয়া ভাষাত লিখা চৰকাৰী পোষ্টাৰ ৷ কেৱল সেয়ে নহয়, শিলচৰ ৰে'ল ষ্টেছনত অসমীয়া ভাষাত লিখা পোষ্টাৰ লগোৱাৰ বিৰোধিতাৰে সৰৱ হৈ উঠিল বৰাক ডেম'ক্ৰেটিক যুৱ ফ্ৰণ্টৰ লগতে বঙালী ছাত্ৰ সংগঠন All Bengali Students Youth Organization ৷

বৰাকৰ এই সংগঠনকেইটাই অসমীয়া ভাষাত লিখা পোষ্টাৰ ক'লা ৰঙেৰে মোহাৰি পেলোৱাৰ লগতে 1961 চনৰ ভাষা আইনক অমান্য কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৷ অসমীয়া ভাষাত লিখা পোষ্টাৰ ক'লা ৰঙেৰে মোহাৰি প্ৰতিবাদকাৰীসকলে পোষ্টাৰৰ ওপৰত 'বাংলা লিখুন' বুলি লিখি প্ৰতিবাদ সাব্যস্ত কৰে ৷

বৰাকত অসমীয়া ভাষাৰ দুৰৱস্থা

11 জনকৈ ভাষা শ্বহীদে প্ৰাণ আহুতি দিয়া শিলচৰ ৰে'ল ষ্টেশ্যনৰ কাষতে অসমীয়া ভাষাত লিখা পোষ্টাৰ আঁৰি শ্বহীদক অৱমাননা কৰাৰ লগতে বঙালীভাষী লোকসকলক ব্যংগ কৰা হৈছে বুলি প্ৰতিবাদীকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে ৷

মুখ্যমন্ত্ৰীয়ে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা কৈ ফুৰি 1961 ৰ পুনৰাবৃত্তি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে ৷ বৰাকৰ চৰকাৰী ভাষা যিহেতু বঙালী আৰু 1961 চনৰ ভাষা আইনেও যিহেতু বৰাক উপত্যকাৰ সকলো ধৰণৰ প্ৰচাৰ কাৰ্যত বঙালী ভাষাৰ প্ৰয়োগৰ পোষকতা কৰে, সেয়ে বৰাক উপত্যকাত কোনো কাৰণতে বঙালী ভাষাৰ বাহিৰে অন্য কোনো ভাষা প্ৰয়োগ কৰিবলৈ দিয়া নহ'ব বুলি প্ৰতিবাদকাৰী সকলে হুংকাৰ দিয়ে ৷

বহুবাৰ আবেদন কৰাৰ পাচতো বৰাকত চৰকাৰীভাৱে বঙালী ভাষা প্ৰয়োগত চৰকাৰৰ লগতে স্থানীয়ে বিধায়কেও নিৰ্বাক ভূমিকা পালন কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে বৰাকত বঙালী ভাষা প্ৰয়োগত গুৰুত্ব আৰোপ কৰাৰ বাবে দাবী উত্থাপন কৰে ৷ ইয়াৰ অন্যথা 1961ৰ পুনৰাবৃত্তি হ'ব বুলিও প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : কোৱাইকটা সত্ৰৰ বেদখলকৃত ভূমি সত্ৰক অৰ্পণ সংখ্যালঘু ৰাইজৰ

Last Updated : Oct 18, 2021, 4:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.