ETV Bharat / state

শিলচৰত এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা - আৰক্ষী বিষয়া শান্তনু দাস

নিজৰ কৰ্তব্যৰ মাজতে আৰক্ষী বিষয়া গৰাকীয়ে দেখুওৱা এই মানৱীয় প্ৰমূল্যবোধৰ বাবে বিষয়া গৰাকীক প্ৰশংসাৰে উপচাইছে ৰাইজে ৷

Police officer shows humanity in Silchar
শিলচৰত এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা
author img

By

Published : Apr 20, 2020, 3:03 PM IST

শিলচৰ, 20 এপ্ৰিল: কৰ'ণা মহামাৰীক ৰোধ কৰাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ নিৰ্দেশত দেশজুৰি অব্যাহত আছে লক ডাউন ৷ লক ডাউনৰ বাবে এতিয়া স্তব্ধ হৈ পৰিছে মানৱ জাতিৰ স্বাভাৱিক জীৱন যাপন ৷ কিন্তু এই লক ডাউনৰ এই সময়ছোৱাত পূৰ্বতকৈ দায়িত্ব বৃদ্ধি পাইছে আৰক্ষীৰ দৰে জৰুৰীকালীন সেৱাত নিয়োজিত হৈ থকা বহু কৰ্মচাৰী ৷ ইয়াৰ মাজতো আৰ্তজনক বিভিন্ন প্ৰকাৰে সহায় কৰি মানৱীয়তাবোধৰ পৰিচয় দি আহিছে একাংশ আৰক্ষীৰ লোকে ৷ দেওবাৰে শিলচৰৰ চহৰত কৰ্তব্যৰত যানবাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শান্তনু দাসৰ মানৱীয়তাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

Police shows humanity in Silchar
হাবিলদাৰ দেৱাশীষ দেৱলস্কৰ

উল্লেখ্য যে,কৰ্মৰত অৱস্থাতে শনিবাৰে নিশা যানবাহন শাখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শান্তনু দাসে ৰংপুৰ নামৰ এঠাইত হঠাতে এগৰাকী মহিলাৰ কান্দোন শুনিবলৈ পায় ৷ লগে লগে তেওঁৰ লগত থকা হাবিলদাৰ দেৱাশীষ দেৱলস্কৰক লগত লৈ মহিলা গৰাকীৰ ওচৰলৈ যোৱাত এগৰাকী মহিলাই প্ৰসৱ বেদনাত ছটফটাই থকা দেখিবলৈ পায় ৷ লগে-লগে তেওঁ এখন অটো ৰিক্সাত তুলি শিলচৰ অসামৰিক হাস্পতালত ভৰ্তি কৰে মহিলা গৰাকীক ৷

শিলচৰত এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা

ইয়াৰ পাছতেই এগৰাকী সুস্থ কন্যা সন্তানৰ জন্ম দিয়ে মানসিকভাৱে ভাৰসাম্যহীন ৰুগ্ন মহিলা গৰাকীয়ে ৷ নিজৰ কৰ্তব্যৰ মাজতে আৰক্ষী বিষয়া গৰাকীয়ে দেখুওৱা এই মানৱীতবোধৰ বাবে বিষয়া গৰাকীক প্ৰশংসাৰে উপচাইছে ৰাইজে ৷

লগতে পঢ়কঃ পুনৰ আৰম্ভ ৰহা টোল প্লাজাত কৰ সংগ্ৰহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.