ETV Bharat / state

যৌন নিৰ্যাতনৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী জোৱান - শিলচৰ

শিলচৰত যুৱতীক ভয় ভাবুকিৰে ৫ বছৰ ধৰি যৌন নিৰ্যাতন চলাই অৱশেষত জেলত সোমাল ষষ্ঠ অসম আৰক্ষীৰ বেটেলিয়ানৰ হাবিলদাৰ পদত কৰ্মৰত শ্যামল সিনহা ।

যৌন নিৰ্যাতনৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী জোৱান

author img

By

Published : Feb 4, 2021, 6:07 PM IST

শিলচৰ,৪ ফেব্ৰুৱাৰী: শিলচৰত সংঘটিত হয় এক নিৰ্লজ্জ ঘটনা । এগৰাকী যুৱতীক ভয় ভাবুকিৰে প্ৰায় ৫ বছৰ ধৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ এজন আৰক্ষী জোৱানৰ বিৰুদ্ধে । অৱশেষত যুৱতী গৰাকীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ ষষ্ঠ অসম আৰক্ষীৰ বেটেলিয়ানৰ হাবিলদাৰ পদত কৰ্মৰত শ্যামল সিনহা নামৰ জোৱানজন । শিলচৰৰ ৰংপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি বৃহস্পতিবাৰে আদালতত হাজিৰ কৰোৱা হয় অভিযুক্ত জোৱান জনক । আদালতে জোৱান জনক জেললৈ প্ৰেৰণ কৰে । এই ঘটনাৰ পিছতে আৰক্ষী মহলত এতিয়া তীব্ৰ চাঞ্চল্য়ই বিৰাজ কৰিছে ।

উল্লেখ যে ডিমাহাছাও জিলাৰ ভুক্তভোগী যুৱতী গৰাকীয়ে অভিযোগ কৰা মতে ২০১৫ চনৰ পৰা অভিযুক্ত শ্যামল সিনহাই তাইৰ সৈতে প্ৰেমৰ প্ৰলোভন দি গঢ়ি তুলিছিল শাৰীৰিক সম্পৰ্ক ৷ কিছুদিন পিছত যুৱতী গৰাকীয়ে শাৰীৰিক সম্পৰ্কৰ বাবে বাধা অশ্বীকাৰ কৰে কিন্তু শ্যামল সিনহাই তাইৰ পিতৃ-মাতৃক ভুৱা গোচৰত আটক কৰাৰ ভয় দেখুৱাইছিল ৷ ভয় দেখুৱাই মাহুৰৰ পৰা শিলচৰ লৈ আহি এটা ভাড়াঘৰত ৰাখি যুৱতী গৰাকীৰ সৈতে যৌন নিৰ্যাতন চলাইছিল বুলি অভিযোগ কৰিছে যুৱতী গৰাকীয়ে ৷

যুৱতী গৰাকীৰ মতে কিছুদিন পূৰ্বে পুনৰ হাফলংত লৈ গৈ এখন হোটেলত ৰাখি যৌন সম্পৰ্ক কৰাৰ সময়ত অশ্লীল ফটো তুলি ৰাখে আৰক্ষী জনে আৰু যদিহে তেওঁৰ লগত শাৰীৰিক সম্পৰ্ক নকৰে তেনেহলে অশ্লীল ফটো সামাজিক মাধ্য়মত ভাইৰেল কৰি দিয়াৰো ধমক দিছিল ৷ ইয়াৰ পিছতে যুৱতী গৰাকীয়ে হাবিলদাৰ শ্যামল সিনহাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে শিলচৰ সদৰ থানাত আৰু মঙ্গলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হাবিলদাৰ শ্যামল সিনহাক ৷

লগতে পঢ়ক:ৰাজ্যসভাৰ অসমৰ এখন আসনৰ বাবে ১ মাৰ্চত নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.