শিলচৰ , 08 মে' : চৰকাৰী বিদ্যালয়ত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম দিন পালন কৰা বন্ধ কৰি সেই দিনটোত ছাত্ৰ-ছাত্ৰীসকলৰ পৰীক্ষা লোৱাৰ বাবে ৰাজ্য চৰকাৰক অসম সাহিত্য সভাৰ সভাপতি ড0 পৰমানন্দ ৰাজবংশীয়ে তীব্ৰ ভাষাৰে সমালোচনা কৰে ৷ মঙলবাৰে শিলচৰ বংগভৱনত অনুষ্ঠিত এক আন্তৰ্জাতিক বাউল উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰক সমালোচনা কৰে অসম সাহিত্য সভাৰ সভাপতিগৰাকীয়ে ৷
কবিগুৰুৰ গুণানুকীৰ্তন কৰি ড0 ৰাজবংশীয়ে কিয় বিশেষ দিনটোত চৰকাৰী বন্ধ ঘোষণাৰ সলনি ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত ব্যস্ত ৰখা হ'ল বুলি প্ৰশ্ন কৰে ৷