ETV Bharat / state

পুত্তলিকা জ্বলাই পুনৰ অনুশোচনা; কাৰ নিৰ্দেশত সুৰ সলনি হ’ল ৰঙিয়াৰ যুৱ কংগ্ৰেছীৰ ? - KAMRUP DISTRICT CONGRESS

ৰঙিয়াত জিলা কংগ্ৰেছৰ সভাপতিৰ পুত্তলিকা দাহ কৰি অনুশোচনা যুৱ কংগ্ৰেছীৰ । অভিযোগ আছিল বুলি দাবী কৰে যুৱ কংগ্ৰেছৰ সম্পাদকে ।

Rangia Congress
জিলা সভাপতিৰ প্ৰতিকৃতি দাহ;ভুল স্বীকাৰ যুৱ কংগ্ৰেছৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 1:56 PM IST

ৰঙিয়া: শেহতীয়াকৈ ৰঙিয়াত কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি কংকন দাসৰ পুত্তলিকা দাহ কৰিছিল যুৱ কংগ্ৰেছে । সভাপতিগৰাকীৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে বিভিন্ন ধৰণৰ অভিযোগো উত্থাপন কৰিছিল ৷ অৱশ্যে প্ৰতিবাদৰ দুদিন পিছতে পুনৰ সুৰ সলনি কৰিছে যুৱ কংগ্ৰেছে । সংবাদ মাধ্যমৰ সন্মুখত যুৱ কংগ্ৰেছে ভুল স্বীকাৰো কৰিছে । সংবাদ মাধ্যমত পূৰ্বৰ মন্তব্য আৱেগিক আছিল বুলিও দাবী কৰে যুৱ কংগ্ৰেছ অসমৰ সাধাৰণ সম্পাদক কামাল আলীয়ে । কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি কংকন দাসৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগসমূহো তেওঁ উঠাই লয় ।

জিলা সভাপতিৰ বিৰুদ্ধে উত্থাপিত অভিযোগ মিছা

ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত তেওঁ কয়, "আমি সেই সময়ত অভিযোগৰ তদন্ত নকৰাকৈ কথাবোৰ আৱেগিক হৈ কৈছিলো । আমি অভিযোগ পোৱাৰ পিছত সেই সময়ত কংকন দাসৰ ধনৰ লেনদেন আৰু অসামাজিক কাম যেনে ড্ৰাগছ আৰু গো-মাফিয়াৰ লগত যোগাযোগ থকা বুলি জানিব পাৰি আপোনালোকৰ ওচৰত অভিযোগ আনিছিলো । যোৱা দুটা দিনত আমি বিষয়টো তদন্ত কৰি গম পালো যে সেই সকলো অভিযোগ মিছা আছিল ।"

জিলা সভাপতিৰ প্ৰতিকৃতি দাহ;ভুল স্বীকাৰ যুৱ কংগ্ৰেছৰ (ETV Bharat)

ইফালে সংবাদমেলত উপস্থিত থকা কংগ্ৰেছৰ মুখপাত্ৰ বিবুলৰ ৰহমানে এই সমগ্ৰ ঘটনা কংগ্ৰেছৰ সংস্কৃতি নহয় বুলি দাবী কৰে । তেওঁ কয়, "কামাল আলী দলটোৰ এগৰাকী নিৰ্বাচিত সদস্য । তেওঁক দলৰ হাইকামাণ্ডে প্ৰশ্ন কৰিছে যে তেওঁ এনে কাম কিয় কৰিলে । যদিহে কিবা সমস্যা আছিল তেওঁ দলৰ মজিয়াত উত্থাপন কৰিব লাগিছিল । বৰ্তমান তেওঁ নিজৰ ভুলটো উপলব্ধি কৰিছে ।"

তেওঁ লগতে কংকন দাসৰ বিৰুদ্ধে থকা সকলো অভিযোগ নস‍্যাৎ কৰি কয় যে ৰাইজে মাজে সময়ে কংগ্ৰেছ দলক ভাল পায় দান বৰঙণি দিয়ে । কংকন দাসৰ বিৰুদ্ধে প্ৰমাণ হিচাপে দিয়া চেক কেইখনৰ লগতে গুগল পে’ৰ তথ্যসমূহো তেনেধৰণৰ দান বৰঙণি আছিল । তেওঁ কয়, "কংকন দাসৰ বিৰুদ্ধে প্ৰমাণ হিচাপে ধন লেনদেন কৰা ব‍্যক্তিগৰাকী হৈছে জনৈক ৰহমান । আমাৰ ইয়াত সভা-সমিতি বহু হৈ থাকে । বহু সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতিও উপস্থিত আছে । আমাৰ দলক ভাল পাই কোনোবাই যদি আমাক দান বৰঙণি দিয়ে আমি লম ।"

আনহাতে অভিযোগকাৰী দেবব্ৰত কলিতাৰ বিৰুদ্ধে তেওঁ কয়, "যদি দেবব্ৰত কলিতাই ধনৰ লেনদেন কৰিছিল তেওঁ এবছৰ ধৰি কিয় ৰৈ থাকিল ? তেওঁ বৰ্তমান এটা দলৰ উপ সভাপতি । তেওঁ ধনৰ বিনিময়ত কংগ্ৰেছ দলত যোগদান কৰিবলৈ কিয় বিচাৰিছে ? তেওঁৰ মানসিকতা কি ?"

উল্লেখ্য যে যোৱা ২৯ অক্টোবৰৰ দিনা ৰঙিয়াৰ ৰাজীৱ ভৱনৰ চৌহদত যুৱ কংগ্ৰেছে দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰি কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি কংকন দাসৰ পুত্তলিকা দাহ কৰিছিল । দলত যোগদানৰ নামত ধন সংগ্ৰহকে ধৰি বিভিন্ন ধৰণৰ অভিযোগো উত্থাপন কৰিছিল সভাপতিৰ বিৰুদ্ধে ।

লগতে পঢ়ক : কংগ্ৰেছত যোগদান কৰোৱাৰ নামত ধনৰ লেনদেনৰ অভিযোগ খোদ কংগ্ৰেছীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.