ETV Bharat / bharat

দেশৰ নতুন প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং কোন ? - DEFENCE SECRETARY OF INDIA

কেৰালা কেডাৰৰ 1989 বেটছৰ আই এ এছ বিষয়া সিং অন্ধ্ৰপ্ৰদেশ কেডাৰৰ 1988 বেটছৰ আই এ এছ বিষয়া গিৰিধৰ আৰামানেৰ স্থলাভিষিক্ত হৈছে ।

Defence Secretary Rajesh Singh
নতুন প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং (x/ @SpokespersonMoD)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 2:59 PM IST

নতুন দিল্লী : দেশৰ নতুন প্ৰতিৰক্ষা সচিব হিচাপে জ্যেষ্ঠ আই এ এছ বিষয়া ৰাজেশ কুমাৰ সিঙে শুকুৰবাৰে নতুন দিল্লীৰ ছাউথ ব্লকত নিজৰ দায়িত্ব গ্ৰহণ কৰে । কেৰালা কেডাৰৰ 1989 বেটছৰ এগৰাকী আই এ এছ বিষয়া সিঙে যোৱা 20 আগষ্টত বিশেষ কৰ্তব্যৰত বিষয়াৰ (প্ৰতিৰক্ষা সচিব-মনোনীত) দায়িত্ব গ্ৰহণ কৰিছিল ।

এগৰাকী প্ৰতিৰক্ষা মুখপাত্ৰই জনোৱা মতে, দায়িত্ব গ্ৰহণৰ পূৰ্বে সিঙে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদ নায়কসকলৰ প্ৰতি পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

"মাতৃভূমিৰ সেৱাত সৰ্বোচ্চ ত্যাগ কৰা আমাৰ বীৰ সৈনিকসকলৰ ওচৰত দেশ চিৰকাল ঋণী হৈ থাকিব । তেওঁলোকৰ অসাধাৰণ সাহসিকতা আৰু ত্যাগ হৈছে ভাৰতক এক সুৰক্ষিত আৰু সমৃদ্ধ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে আমাৰ বাবে শক্তি আৰু অনুপ্ৰেৰণাৰ উৎস ।" তেওঁ কয় ।

ইয়াৰ পূৰ্বে সিঙে 24 এপ্ৰিল, 2023 চনৰ পৰা চলিত বৰ্ষৰ 20 আগষ্টলৈকে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ৰ প্ৰচাৰ বিভাগৰ সচিবৰ দায়িত্ব তত্ত্বাৱধানত আছিল । তাৰ পূৰ্বে তেওঁ পশুপালন আৰু দুগ্ধ উৎপাদন বিভাগ, মীন পালন, পশুপালন আৰু দুগ্ধজাত ৰক্ষা মন্ত্ৰালয়ৰ সচিব পদত অধিষ্ঠিত হৈছিল ।

ইয়াৰ উপৰি তেওঁ আন কেইবাটাও গুৰুত্বপূৰ্ণ পদবীতো অধিষ্ঠিত আছিল । ইয়াৰ ভিতৰত হৈছে ভাৰত চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰণালয়ৰ নিৰ্মাণ আৰু নগৰ পৰিবহণ বিভাগৰ সঞ্চালক, আয়ুক্ত (ভূমি)- ডি ডি এ, যুটীয়া সচিব- পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়, যুটীয়া সচিব- কৃষি, সহযোগিতা আৰু কৃষক কল্যাণ বিভাগ আৰু মুখ্য সতৰ্কতা বিষয়া– ভাৰতীয় খাদ্য নিগম । তেওঁ ৰাজ্য চৰকাৰতো নগৰ উন্নয়নৰ সচিব আৰু শেহতীয়াকৈ কেৰালা চৰকাৰৰ বিত্ত সচিব হিচাপে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছে ।

তেওঁ অন্ধ্ৰপ্ৰদেশ কেডাৰৰ 1988 বেটছৰ আই এ এছ বিষয়া গিৰিধৰ আৰামেৰ স্থানত এই পদবীত অধিষ্ঠিত হৈছে । যোৱা 31 অক্টোবৰত তেওঁ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰে ।

লগতে পঢ়ক :কচ্ছত সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰীৰ; সীমান্তৰ এক ইঞ্চি মাটিও এৰি নিদিয়াৰ হুংকাৰ
লগতে পঢ়ক :হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.