ETV Bharat / politics

হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ দাখিল - JHARKHAND ELECTIONS 2024

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আদালতত অভিযোগ দাখিল । এগৰাকী ৰাজনৈতিক নেতাই তৰিছে গোচৰ ৷

Jharkhand Elections 2024
বিএছপি প্ৰাৰ্থী শিৱপুজন মেহতা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat/ANI)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 2:17 PM IST

পালামু : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঝাৰখণ্ড আদালতত এক অভিযোগ দাখিল কৰা হৈছে । হুছেইনাবাদ সমষ্টিৰ বহুজন সমাজ পাৰ্টীৰ (বিএছপি) পৰা প্ৰতিদ্বন্দ্বিতা কৰি থকা প্ৰাক্তন বিধায়ক কুশৱাহা শিৱপুজন মেহতাই এই অভিযোগ দাখিল কৰে । বিজেপি প্ৰাৰ্থী কমলেশ সিঙৰ মনোনয়নৰ পিছত হুছেইনাবাদৰ এক জনসভা সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । উক্ত সভাত নিজৰ ভাষণ প্ৰসংগত তেওঁ হুছেইনাবাদৰ নামকৰণ সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে । এই সন্দৰ্ভত বহুজন সমাজ পাৰ্টীৰ প্ৰাৰ্থী শিৱ পুজন মেহতাই কয় যে আদালতত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এক অভিযোগ দাখিল কৰা হৈছে ।

শিৱপুজন মেহতাই কয়, "হুছেইনাবাদৰ লোকসকলে পাৰস্পৰিক সম্প্ৰীতিৰে বাস কৰে । ইয়াত থকা লোকসকলৰ মাজত কোনো সম্প্ৰদায়ৰ প্ৰতি কোনো ঘৃণা বা তিক্ততা নাই । সাম্প্ৰদায়িক বিভেদ সৃষ্টিৰ বাবে এনে ধৰণৰ মন্তব্য দিয়াটোৱে মানুহৰ অনুভূতিক আঘাত কৰিছে । হিমন্ত বিশ্ব শৰ্মাক প্ৰাসংগিক ধাৰাৰ অধীনত আনিবলৈ আহ্বান জনোৱা হৈছে ।"

উল্লেখ্য যে হুছেইনাবাদ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কমলেশ কুমাৰ সিঙৰ মনোনয়নৰ পিচত ঝাৰখণ্ড নিৰ্বাচনৰ সহ-ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে এক জনসভা সম্বোধন কৰে । সভাত তেওঁ কয় যে হুছেইনাবাদক এখন জিলালৈ উন্নীত কৰা হ'ব, কিন্তু ইয়াৰ নাম সলনি কৰা হ'ব ।

এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বহুজন সমাজবাদী পাৰ্টীৰ প্ৰাৰ্থী শিৱপুজন মেহতাই কয়, "ৰাজহুৱা মঞ্চত ধৰ্মীয় আৱেগক আঘাত কৰা আৰু দুটা ধৰ্মৰ মাজত পাৰস্পৰিক বিদ্বেষ বিয়পাবলৈ কাম কৰা হৈছে । এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে ।"

উল্লেখ্য যে যোৱা ২৯ অক্টোবৰত হুছেইনাবাদৰ কাৰপুৰী ময়দানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছিল ।

লগতে পঢ়ক :হো ভাষাক অষ্টম অনুসূচীত অন্তৰ্ভুক্তিৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
লগতে পঢ়ক :প্ৰথমে 'মীৰ'ক ঝাৰখণ্ডৰ পৰা খেদি পঠিয়াওক, তেতিয়া 'বিশ্ব' নিজেই আঁতৰি যাব: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.