ETV Bharat / state

পৰিকল্পনা আছিল গঁড় চিকাৰ; পিচে নিজেই জালত পৰিল চিকাৰী ৰছিদুল আৰু ছিবে আলী - HHINO POACHERS ARRESTED

কাজিৰঙাত বন বিভাগৰ হাতত গ্ৰেপ্তাৰ দুই চোৰাং গঁড় চিকাৰী ৷ ধৃত দুই চোৰাং চিকাৰী ক্ৰমে ৰছিদুল হক (২৮) আৰু ছিবে আলী (৩৬) ৷

Rhino poaching attempt thwarted in Kaziranga
কাজিৰঙাত গঁড় নিধনৰ পৰিকল্পনা কৰাৰ অভিযোগত দুজনক আটক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 2:05 PM IST

কাজিৰঙা : উৎসৱ আহিলেই যেন একাংশ লোক সক্ৰিয় হৈ পৰে কাজিৰঙাৰ অনিষ্ট কৰিবলৈ ৷ সৌ সিদিনা কাজিৰঙাত গঁড় চিকাৰ কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগত কেইবাজনো লোকক আৰক্ষী আৰু বন বিভাগে গ্ৰেপ্তাৰ কৰাৰ পিছত পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে দুজনকৈ যুৱকক ৷

কাজিৰঙা বন বিভাগে জনোৱা মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ বনাঞ্চলত গঁড় নিধন কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগত ৰছিদুল হক (২৮) আৰু ছিবে আলী (৩৬) নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰিছে বন বিভাগৰ লোকে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক সোণালী ঘোষে সংবাদ মাধ্যমৰ আগত এই কথা অৱগত কৰে ৷

কাজিৰঙাত গঁড় নিধনৰ পৰিকল্পনা কৰাৰ অভিযোগত দুজনক আটক (ETV Bharat Assam)

ঘোষে জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশে আটকাধীন দুয়োজনেই গঁড় নিধন কৰাৰ পৰিকল্পনা কৰি আছিল ৷ অৱশ্যে এই পৰিকল্পনাৰ তথ্য লাভ কৰিছিল বন বিভাগে ৷ এই তথ্য লাভ কৰাৰ পিছতে অতি ক্ষিপ্ৰতাৰে বন বিভাগৰ লোকে বিশ্বনাথ আৰক্ষীৰ সহযোগত গঁড় নিধনৰ পৰিকল্পনা ব্যৰ্থ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : পৰম্পৰাগত হস্তীপূজাৰে কাজিৰঙাত আৰম্ভ হাতী ছাফাৰী

বিগত ২৬ অক্টোবৰত চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত বন বিভাগৰ লোকে বিশ্বনাথ আৰক্ষীৰ সহযোগত অভিযান চলাই ৰছিদুল হক (২৮) আৰু ছিবে আলী (৩৬)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ধৃত লোক দুজনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আন একাংশ দুষ্কৃতিকাৰীৰ সৈতে মিলি গঁড় চিকাৰ কৰাৰ পৰিকল্পনা কৰিছিল ।

আনকি, ধৃত ছিদুল আৰু ছিবে কাজিৰঙাত গঁড় নিধনৰ হেতুকে অস্ত্ৰ সংগ্ৰহ কৰাৰ পৰিকল্পনাও কৰি আছিল বুলিও জানিব পৰা গৈছে ৷ আটকাধীন দুয়োকে বৰ্তমান বন বিভাগৰ জিম্মাত ৰাখি অধিক তথ্য উদ্ধাৰৰ বাবে তদন্ত অব্যাহত ৰাখিছে । আনহাতে, এই পৰিকল্পনাত আন কেবাজনো লোক জড়িত আছে বুলি এক বিবৃতিত স্পষ্ট কৰিছে বন বিভাগে ৷

লগতে পঢ়ক : দলগাঁৱত অস্ত্ৰসহ গ্ৰেপ্তাৰ ৩ গঁড় চিকাৰী

লগতে পঢ়ক : ছাদ্দাম হুছেইনৰ হত্যাকাৰী এটা গঁড় - Rhino attack

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.