ETV Bharat / international

আমেৰিকান শীৰ্ষ নেতাৰ দেৱালীৰ শুভেচ্ছা জ্ঞাপন - AMERICAN LEADERS DIWALI GREETINGS

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ বাসভৱন কেনেদৰে উজলি উঠিছে সেয়া ব্যক্ত কৰে ।

KAMALA HARRIS DIWALI WISHES
কমলা হেৰিছৰ দেৱালী উদযাপন (ANI)
author img

By ANI

Published : Nov 1, 2024, 2:10 PM IST

ৱাশ্বিংটন ডি চি : সমগ্ৰ বিশ্বতে উদযাপন কৰা হৈছে পোহৰৰ উৎসৱ দেৱালী বা দীপাৱলী । এই দেৱালী উদযাপনৰ সময়তে আমেৰিকাৰ শীৰ্ষ ৰাজনীতিকসকলে দক্ষিণ এছিয়াবাসীলৈ দেৱালীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ।

এক্সত ব্যক্তিগত তথা অফিচিয়েল পোষ্টৰ জৰিয়তে নেতাসকলে অতি আদৰৰ এই ভাৰতীয় উৎসৱৰ আন্তৰ্জাতিক তাৎপৰ্যৰ কথা উল্লেখ কৰি বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে ।

আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে এক্সত শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ বাসভৱন কেনেদৰে উজলি উঠিছে সেয়া ব্যক্ত কৰে । এক্সত তেওঁ শ্বেয়াৰ কৰিছে, "দেৱালী উদযাপনৰ বাবে আমি উপ-ৰাষ্ট্ৰপতিৰ বাসভৱনক আলোকিত কৰিছোঁ । লগতে আমাৰ বিশ্বত, ইজনে সিজনৰ আৰু আমাৰ নিজৰ মাজত অন্তৰ্নিহিত পোহৰক স্মৰণ কৰিছোঁ ।"

আনহাতে, কমলা হেৰিছে ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ৰ লোকসকলৰ সৈতে দেৱালী উদযাপনতো অংশগ্ৰহণ কৰে । উল্লেখ্য, কমলা হেৰিছ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰা এগৰাকী ভাৰতীয় বিজ্ঞানী তথা কৰ্কট ৰোগ অধ্যয়নৰ ক্ষেত্ৰত ব্যাপকভাৱে কাম কৰা শ্যামলা গোপালনৰ জীয়ৰী ।

আগন্তুক আমেৰিকাৰ নিৰ্বাচনৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা টিম ৱালজেও নিজ দেশত দেৱালী উদযাপনত অংশগ্ৰহণ কৰে ।

এক্সৰ পোষ্টত তেওঁ কয়, "দেৱালী উদযাপন কৰিবলৈ আৰু দক্ষিণ এছিয়াৰ লোকসকলে আমাৰ দেশলৈ আগবঢ়োৱা বহুমূলীয়া অৱদানক স্বীকৃতি দিবলৈ আজি চাকি জ্বলাই সন্মানিত বোধ কৰিছোঁ ।"

তেওঁ লগতে কয়, "দেৱালী হৈছে এক উৎসৱ, যিয়ে পোহৰে যে সদায় অন্ধকাৰক জয় কৰে তাৰ প্ৰকাশ । মই আজি সম্প্ৰদায়টোৰ পৰা অনুভৱ কৰা প্ৰেমৰ দ্বাৰা আনন্দিত আৰু অনুপ্ৰাণিত ।"

"সকলোকে দেৱালীৰ শুভেচ্ছা ! আপোনালোক ইয়াত সম্প্ৰদায়ৰ অনুভূতি অনুভৱ কৰিব পাৰে । আপোনালোকে প্ৰেমৰ অনুভূতি অনুভৱ কৰিব পাৰে ।" তেওঁ ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ক কয় ।

"অন্ধকাৰৰ ওপৰত পোহৰৰ জয়ৰ এই দিনবোৰত, মই আশাকৰোঁ আপোনালোক সকলোৱে শান্তি লাভ কৰিব, শান্তি বিচাৰি পাব ।" ৱালজে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা ভিডিঅ' বাৰ্তাত কয় । পোষ্টটোত তেওঁ দেৱালী উদযাপনৰ সময়ত ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ৰ সৈতে বাৰ্তালাপো কৰে ।

এক্সত বৈদেশিক সচিব এণ্টনী ব্লিংকেনে কয়, "দেৱালী কেৱল এটা উৎসৱেই নহয়, তাতোকৈ অধিক; এইটো আমি সকলোৱে পালন কৰা মূল্যবোধৰ এক শক্তিশালী স্মাৰক: সেয়া হৈছে ধৈৰ্য, একতা, দয়া আৰু একতা ।"

তেওঁ পোষ্টটোত উল্লেখ কৰে, "সমগ্ৰ বিশ্বৰ লগতে আমেৰিকাতো আমাৰ সৈতে দেৱালী উদযাপন কৰা সকলোকে মই আনন্দ, শান্তি আৰু সমৃদ্ধিৰে ভৰা দেৱালী কামনা কৰিছোঁ ।"

উল্লেখ্য যে দেৱালী উপলক্ষে সমগ্ৰ বিশ্বৰ বিভিন্নজনৰ পৰা শুভেচ্ছা আহিছে ।

লগতে পঢ়ক :কচ্ছত সেনা জোৱানৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰীৰ; সীমান্তৰ এক ইঞ্চি মাটিও এৰি নিদিয়াৰ হুংকাৰ
লগতে পঢ়ক :৫০০ বছৰৰ মূৰত উভতি আহিছে এই মুহূৰ্ত: ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছত অযোধ্যাত প্ৰথমটো দেৱালী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.