ETV Bharat / state

কাছাৰৰ লক্ষীপুৰত পথ দুৰ্ঘটনাঃ নিহত এজন - One killed in tragic road accident

এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল 18 বছৰীয়া যুৱকৰ ৷ কাছাৰৰ জিলাৰ মধুৰবন্ধত পুৰাতন লক্ষীপুৰ ৰোডত সংঘটিত হয় মৰ্মান্তিক পথ দুৰ্ঘটনাটো ৷ মৃত যুৱকজন মাহবুব আহমেদ মজুমদাৰ ৷

কাছাৰ জিলাৰ লক্ষীপুৰ ৰোডত মৰ্মান্তিক পথ দুৰ্ঘটনা, নিহত এজন

author img

By

Published : Jul 13, 2020, 7:21 PM IST

কাছাৰ, 13 জুলাই : সোমবাৰে কাছাৰত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ য’ত প্ৰাণ যায় মাহবুব আহমেদ মজুমদাৰ এগৰাকী 18 বছৰীয়া যুৱকৰ ৷ মৃত যুৱকজনৰ ঘৰ বেৰেংগা তৃতীয় খণ্ডত বুলি জানিব পৰা গৈছে ৷

লক্ষীপুৰ ৰোডত মৰ্মান্তিক পথ দুৰ্ঘটনা

প্ৰাপ্ত তথ্য মতে, যুৱক জন এখন পালছাৰ বাইক লৈ তীব্ৰ গতিত এখন AS-11DC-0931 নম্বৰৰ ট্ৰাকক অভাৰ টেক অথবা অতিক্ৰম কৰাৰ সময়তে ট্ৰাকৰ সৈতে হোৱা খুন্দা খোৱাত যুৱকজন বাগৰি পৰে ৷ ফলত থিতাতে মৃত্যু হয় যুৱকজনৰ ৷ পিছত উত্তেজিত ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদৰ চেষ্টা কৰি যদিও বিধায়ক আমিনূল হক লস্কৰৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণত আহে ৷ আৰক্ষী উপস্থিতত মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় ৷

লগতে চাওক-হোজাইত পথৰ দাঁতিত উদ্ধাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.