শিলচৰ, আগষ্ট 31: এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱা কাছাৰ জিলাৰ নাগৰিকক বিনামূলীয়া আইনী সহায় আগবঢ়াব আইন সহায়তা প্ৰাধিকাৰণৰ অধিবক্তাসকলে ৷
এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকলক অতি শীঘ্ৰে এন আৰ চি সেৱা কেন্দ্ৰত আৱেদন কৰিবলৈ আহ্বান জনাই অধিবক্তাসকলে ৷ এন আৰ চিৰ সেৱা কেন্দ্ৰলৈ গৈ লোকসকলক নাম অন্তৰ্ভুক্ত নোহাৱা সম্পৰ্কে বিতং তথ্য সংগ্ৰহ কৰাৰ লগতে বৈধ নথি-পত্ৰ সংগ্ৰহ কৰি আইন সহায়তা প্ৰাধিকাৰণৰ অধিবক্তা সকলৰ কাষ চাপিবলৈ অনুৰোধ জনায় কৰ্তৃপক্ষয় ৷