শিলচৰ,12 আগষ্ট: অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে কাছাৰৰ সদৰ শিলচৰ চহৰ ৷ বিশেষকৈ জিলাখনৰ সোণাই বিধানসভা সমষ্টিত বিগত কিছুদিনৰ পৰা বৃদ্ধি পাইছে অপৰাধমূলক কাৰ্য-কলাপ ৷ তদুপৰি বিগত সপ্তাহত এটি পাঁচমহীয়া শিশুক অপহৰণ কৰি হত্যা কৰাৰ ঘটনাই জোকাৰি গৈছিল ৰাজ্যক ৷ শেহতীয়াকৈ অঞ্চলটোত দিন-দুপৰতে যুৱতীৰ শ্লীলতা হানি কৰাৰ ব্যৰ্থ চেষ্টা চলাইছিল দুৰ্বৃত্তই ৷ এই ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে জিলাখনত ৷ ঘটনাৰ বিৱৰণী অনুসৰি,ৰাজ্যত আৰক্ষীৰ পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰৰ বাবে কেইবাগৰাকীও যুৱতীয়ে শিলচৰ-সোণাবাড়িঘাট বাইপাছত শাৰিৰীক অনুশীলন চলাই আহিছিল ৷ কিন্তু কেইগৰাকীমান যুৱকে ধাৰাবাহিকভাৱে যুৱতীকেইগৰাকীক উদ্দেশ্যি প্ৰকাশ কৰি আহিছিল বিভিন্ন কটু মন্তব্য ৷
অৱশেষত সোমবাৰে সন্ধিয়াৰ ভাগত কোনো নথকাৰ সুযোগতে যুৱতীকেইগৰাকীক কটু মন্তব্যৰ লগতে শাৰিৰীকভাৱে অপদস্থ কৰে যুৱকৰ দলটোৱে ৷ কিন্তু এই ঘটনা স্থানীয় ৰাইজে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হৈ এগৰাকী যুৱকক কৰায়ত্ত কৰি আৰক্ষীক গটাই দিয়ে ৷ ধৃত যুৱকগৰাকী জিলাখনৰ আউলিয়াৰ বাসিন্দা আব্দুল হান্নান বুলি জানিব পৰা গৈছে ৷ হান্নানৰ সৈতে এই ঘটনাত জড়িত থকা অন্য তিনিগৰাকী যুৱকে ৰাইজৰ চকুত ধূলি মাৰি পলাবলৈ সক্ষম হৈছে ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে কৰায়ত্ত কৰা যুৱক গৰাকীক আৰক্ষী থানাত গতাই দিয়ে ৷
লগতে চাওকঃ স্বাধীনতা দিৱসৰ পেৰেডত অংশ ল'বলগীয়া আৰক্ষীৰ দেহত কোভিড-19