শিলচৰ, 2 এপ্ৰিলঃ দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা বহু লোকে সমগ্ৰ দেশৰ লগতে অসমতো কৰ'ণা ভাইৰাছ মহামাৰী বিয়পাই দিছে বুলি মন্তব্য কৰে বিধায়ক দিলীপ পালে ৷ সকলোৱে মিলি দিনে ৰাতিয়ে এই মহামাৰীৰ পৰা উদ্ধাৰ হোৱাৰ বাবে কাম কৰি থকা সত্বেও, এনে ঘটনা সংঘটিত হোৱাটো গৰিহণাৰ যেগ্য বুলিও তেওঁ উল্লেখ কৰে ৷ তেওঁ এই ক্ষেত্ৰত প্ৰধানন্ত্ৰীক অনুৰোধ জনায় যে, এনে ধৰণৰ অনুষ্ঠান বন্ধ কৰি দিব লাগে ৷ ইয়াৰোপৰি এই অনুষ্ঠানক ৰাষ্ট্ৰদ্ৰোহী বুলিও উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷
লগতে পঢ়কঃ শোণিতপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ ৩৯ গৰাকী লোকে অংশগ্ৰহণ কৰিছিল তবলিগী মাৰ্কাজত