কাছাৰ,14 জানুৱাৰী : কাছাৰ জিলাৰ বিভিন্ন ঠাইত পুহ সংক্ৰান্তি উপলক্ষে মেলাৰ আয়োজন কৰা হয় ৷ কৰ‘ণা মহামাৰীৰ ভয়াৱহতাৰ বাবে জিলাখনত পূৰ্বৰ দৰে ৰাইজৰ মাজত উৎসাহ দেখিবলৈ পোৱা নগলেও পূজা অৰ্চনাৰ মাজেৰে ৰাইজে পালন কৰা হয় এই মেলা ৷ কাছাৰ জিলাৰ ঐতিহ্যবাহী শিৱটিল্লাত ভক্তই পুহ সংক্ৰান্তি উপলক্ষে আয়োজিত মেলাত অংশগ্ৰহণ কৰি পৰম্পৰাগতভাৱে এই উৎসৱ উদযাপন কৰে ৷ কৰ‘ণাৰ ভয়াৱহতাৰ বাবেই এইবাৰৰ মেলাত জনসমাগমো সেৰেঙা পৰিলক্ষিত হয় ৷
ঐতিহ্যবাহী শিবটিল্লাৰ লগতে কালীনগৰৰ কালীবাৰী মন্দিৰতো পূজা অৰ্চনা আৰু পৰম্পৰাগত ৰীতি-নীতিৰ মাজেৰে পুহ সংক্ৰান্ত পালন কৰা হয় ৷
লগতে পঢ়ক : বৰপেটাৰ ব্ৰুকলিন মিছন স্কুলৰ অধ্যক্ষৰ ঘৰৰ পৰা ছাত্ৰ সন্ধানহীন