ETV Bharat / state

বিদ্যালয় গুচি পাৰ্কিঙৰ দিশে হাফলঙৰ এখন অসমীয়া মাধ্যমৰ বিদ্যালয় - শিক্ষা বিভাগ

বন্ধ হোৱাৰ দিশত হাফলঙস্থিত ভাৰতৰত্ন তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত থকা বিদ্যালয়খন ৷ বিদ্যালয়খনৰ ঠাইত পাৰ্কিং বনোৱাৰ পৰিকল্পনা কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে ৷

হাফলঙৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খন বন্ধ হোৱাৰ দিশে
author img

By

Published : Aug 7, 2019, 1:58 PM IST

ডিমা হাছাও,7 আগষ্ট : ভাৰতৰত্ন তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত থকা বিদ্যালয়খন বন্ধ হোৱাৰ দিশে ৷ হাফলঙস্থিত একমাত্ৰ অসমীয়া বিদ্যালয়খন বন্ধ হোৱাৰ পৰিকল্পনা চূড়ান্ত কৰি তুলিছে বৰ্তমানৰ বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে ৷ দুমাহ পূৰ্বে এই বিদ্যালয়খন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক চূড়ান্ত ভাৱে অপমান কৰিছে বুলি মন্তব্য কৰে একাংশ লোকে ৷ ১৯৫৪ চনত স্থাপিত হোৱা বিদ্যালয়খনত ২৯ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ৮ জন শিক্ষয়ত্ৰী আছে ।

হাফলঙৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খন বন্ধ হোৱাৰ দিশে

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও বাংলা মাধ্যমৰ পিসীমা প্ৰাথমিক বিদ্যালয়খন বন্ধ কৰি স্বায়ত্ব শাসিত পৰিসদে সেই স্থানত অটোৰিক্সা পাৰ্কিং স্থাপন কৰিছিল ৷ বৰ্তমানেও ডিমা হাছাও জিলাত অৱস্থিত একমাত্ৰ অসমীয়া প্ৰাথমিক বিদ্যালয়খন বন্ধ কৰি সেই স্থানত যান-বাহন পাৰ্কিং স্থাপন কৰাৰ পৰিকল্পনা কৰিছে পৰিষদে। বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদখনে হাফলং চহৰৰ মুঠ ৭ খন প্ৰাথমিক বিদ্যালয় বন্ধ কৰাৰ চূড়ান্ত পৰিকল্পনা গ্ৰহণ কৰি এখন মডেল বিদ্যালয় গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি ডিমা হাছাও জিলাৰ শিক্ষা বিভাগৰ সূত্ৰে জানিব পৰা গৈছে ৷ ইফালে, একমাত্ৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খন বন্ধ হোৱাৰ সিদ্ধান্তত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীসকলৰ পিতৃ-মাতৃ ৷

Intro:ডিমা হাছাও ৭ আগষ্ট: ভাৰতৰত্ন তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামত থকা হাফলংস্থিত গোপীনাথ বৰদলৈ অসমীয়া এল পি স্কুলখন বন্ধ কৰি দিয়াৰ পৰিকল্পনা চূড়ান্ত কৰি তুলিছে বৰ্তমানৰ বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদে। দুইমাহ আগত এই স্কুলখন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক চূড়ান্ত ভাবে অপমান কৰিছে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদত শাসনত থকা বিজেপিৰ পৰিসদ খনে।Body:ইয়াৰ পূৰ্বে একই প্ৰক্ৰিয়াৰে বাংলা মাধ্যমৰ পিসীমা এল পি স্কুলখন বন্ধ কৰি স্বায়ত্ব শাসিত পৰিসদে সেই স্থানত অটোৰিস্কা পাৰ্কিং স্থাপন কৰিছিল। এতিয়াও ডিমা হাছাও জিলাত অৱশিষ্ট একমাথোঁ অসমীয়া এল পি স্কুলখন বন্ধ কৰি সেই স্থানত যানবাহন পাৰ্কিং স্থাপন কৰাৰ পৰিকল্পনা কৰিছে পৰিসদে।Conclusion:১৯৫৪ চনত স্থাপিত হোৱা স্কুলখনত ২৯ জন ছাত্ৰছাত্ৰীৰ বিপৰীতে ৮ জন শিক্ষয়ত্ৰী আছে। হাফলং চহৰৰ মোট ৭ খন এল পি স্কুল বন্ধ কৰাৰ চূড়ান্ত পৰিকল্পনা গ্ৰহণ কৰি এখন মডেল স্কুল গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিসদখনে বুলি ডিমা হাছাও জিলাৰ শিক্ষা বিভাগ সূত্ৰে জানিব পৰা গৈছে। এতিয়া এই স্কুলত শিক্ষা গ্ৰহণ কৰা ছাত্ৰছাত্ৰীৰ ভৱিষ্যতলৈ চিন্তিত হৈ পৰিছে অভিভাৱক সকল।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.