ETV Bharat / state

এসময়ৰ ৰঞ্জী ক্ৰিকেটৰ দুৰ্দান্ত বলাৰ এতিয়া ফুটপাথৰ চাহ দোকানী - ভাৰতীয় ক্ৰিকেট দল

এসময়ত, বাংগালুৰুৰ নেচনেল ক্ৰিকেট একাডেমীত(NCA) ভাৰতীয় দলক বলিং কৰিবলৈ আমন্ত্ৰণ কৰি নিয়া হৈছিল অসমৰ লেফ্ট স্পিনাৰ(lef প্ৰকাশ ভগতক ৷ কিয়নো তেওঁৰ বলিং নিউজিলেণ্ডৰ ক্ৰিকেটাৰ ডেনিয়েল ভেট্টৰী(Newzealand cricketer Deniel Vettori)ৰ দৰে আছিল বুলি বিশ্বাস কৰিছিল বহুতেই ৷ কিন্তু, এতিয়া এইগৰাকী ক্ৰিকেটাৰে চাহ আৰু ফাষ্ট ফুড বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিছে ৷

ranji-player-turns-tea-seller
একালৰ ৰঞ্জী খেলুৱৈ এতিয়া চাহ দোকানী
author img

By

Published : Jul 9, 2021, 5:39 PM IST

নিউজডেস্ক , 8 জুলাই : শিলচৰ চহৰৰ এগৰাকী সাধাৰণ যুৱক ৷ বৃদ্ধা মাতৃৰ সৈতে এখন চাৰি চকীয়া ঠেলাৰ ওপৰত চাহ,পুৰি আদি বিক্ৰী কৰি পেট প্ৰৱৰ্তন কৰি আছে যুৱক জন তথা তেওঁৰ পৰিয়ালে ৷ কৰ’ণা মহামাৰী সৃষ্ট পৰিৱেশত এতিয়া এই সৰু দোকানখনৰ ব্যৱসায়ো বিপদাপন্ন হোৱাত পৰিয়ালৰ ভৰণ পোষণ দিবলৈ গৈ হাবাথুৰি খাইছে যুৱকজনে ৷ পিছে অতি সাধাৰণ এই যুৱকজনৰ আছে এক অসাধৰণ অতীত ৷

এখন সৰু চাহ দোকান দি পৰিয়াল চলাই থকা এই যুৱকজন হৈছে দেশৰ এসময়ৰ এগৰাকী ফাৰ্ষ্টক্লাছ ক্ৰিকেটাৰ(first class cricketer) প্ৰকাশ ভগত ৷ 2003 চনতে অসমৰ এগৰাকী সম্ভাৱনাপূৰ্ণ খেলুৱৈ হিচাপে তেওঁ আমন্ত্ৰণ লাভ কৰিছিল NCA অৰ্থাৎ নেচনেল ক্ৰিকেট একাডেমীৰ পৰা ৷ আজিৰ পৰা 18 বছৰৰ পূৰ্বে 2003 চনত ভগতে এনচিএৰ পৰা এটা বিশেষ ফোনকল লাভ কৰিছিল , তেওঁক তৎক্ষণাৎ বেংগালুৰুলৈ গৈ ৰিপ’ৰ্ট কৰিবলৈ জনোৱা হৈছিল ৷ সেই সময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক সৌৰভ গাংগুলী (Sourav Ganguly)আৰু তেওঁৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিউজিলেণ্ড ভ্ৰমণৰ বাবে প্ৰস্তুতি চলাই আছিল ।

গাংগুলীয়ে তেওঁৰ সতীৰ্থসকলক বলিং কৰিবৰ বাবে ডেনিয়েল ভেট্টৰীৰ(Newzealand cricketer Deniel Vettori) দৰে এজন লেফ্ট স্পীনাৰৰ সন্ধানত আছিল আৰু প্ৰকাশ ভগতৰ জৰিয়তে তেওঁৰ সেই সন্ধান পূৰণ হৈছিল ৷

একালৰ ৰঞ্জী খেলুৱৈ এতিয়া চাহ দোকানী

ছৈয়দ মুস্তাক আলী ট্ৰফীৰ বাবে দলত বাছনি হোৱাৰ উপৰিও ২০০৯-১০ আৰু ২০১০-১১ চনত দুটা ছিজনৰ বাবে তেওঁ ৰঞ্জী ট্ৰফী(Ranji trophy) খেলাৰ সুযোগ লাভ কৰি এগৰাকী ফাৰ্ষ্টক্লাছ ক্ৰিকেটাৰ হিচাপে পৰিচয় লাভ কৰিছিল ৷ হঠাৎ, জীৱনলৈ নামি অহা এক ধুমুহাত 2011 চনত পিতৃহাৰা হয় এইগৰাকী সম্ভাৱনাপূৰ্ণ ক্ৰিকেটাৰ পিতৃহাৰা হোৱাৰ পিছত এখন চাৰিচকীয়া ঠেলাৰ ওপৰত চাহ-পুৰী বিক্ৰী কৰি অতি সাধাৰণ জীৱন যাপন কৰিছে প্ৰকাশ ভগতে ৷

একালত তেওঁৰ সৈতে ড্ৰেচিং ৰুম শ্বেয়াৰ কৰা প্ৰায় সকলোৱেই এতিয়া প্ৰতিষ্ঠিত ৷ বহুতেই এতিয়া উচ্চ পদৰ চৰকাৰী চাকৰি লাভ কৰি এটা স্বচ্চল জীৱন যাপন কৰিছে ৷ কিন্তু, গ্লেমাৰহীন হোৱাৰ বাবেই হওক নাইবা দুৰ্ভাগ্যই লগ নেৰাৰ বাবেই হওক প্ৰতিভা আৰু সম্ভাৱনা সকলো থাকিও প্ৰকাশ ভগত আজি উপেক্ষিত ৷ এতিয়া, চৰকাৰ তথা কৰ্তৃত্বশীল ব্যক্তি সকলে এইগৰাকী প্ৰকাশ ভগতৰ সংস্থাপনৰ সন্দৰ্ভত কি ব্যৱস্থা লয় সেইয়া অনাগত সময়ত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : অসমৰ গ্ৰাম্য জীৱনৰ পৰা হেৰাই যাব গাঁওবুঢ়া শব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.