ETV Bharat / state

উপাধ্যক্ষ আমিনুল হক লস্কৰৰ মন্তব্যৰ প্ৰত্যুত্তৰ প্ৰাক্তন বিধায়ক এনামুল হকৰ

author img

By

Published : Feb 1, 2021, 7:00 PM IST

অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰৰ মন্তব্যক উভতি ধৰিলে সোনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক এনামুল হকে ৷ উপাধ্যক্ষ আমিনুলে কংগ্ৰেছ চৰকাৰৰ শাসনৰ সময়ত বড়োলেণ্ডত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষক লৈ কৰা মন্তব্যত প্ৰত্যুত্তৰ দিয়ে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷

ex_mla_enamul_haque_replied_on_deputy_speaker_aminul_haque_laskar_comment
উপাধ্যক্ষ আমিনুল হক লস্কৰৰ মন্তব্যত প্ৰত্যুত্তৰ প্ৰাক্তন বিধায়ক এনামুল হকৰ

শিলচৰ, 1 ফেব্ৰুৱাৰী : বড়োলেণ্ডত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষক লৈ মন্তব্য কৰে অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে ৷ তেওঁ কয় যে, কংগ্ৰেছ দলৰ আমোলত বড়োলেণ্ডত সংঘটিত হোৱা সংঘৰ্ষত 70 টা মছজিদ আৰু মাদ্ৰাছা ভাঙি চূৰমাৰ কৰা হৈছিল ৷ সংখ্যালঘু ৰাইজক হত্যা কৰা হৈছিল । ঘৰ-বাৰী সা-সম্পত্তি জ্বলাই দিয়া হৈছিল ৷

আমিনুল হক লস্কৰৰ মন্তব্য

লগতে তেওঁ কয় যে, কংগ্ৰেছৰ দিনত মছজিদ-মাদ্ৰাছা ভঙাৰ ক্ষতিপূৰণ কংগ্ৰেছে লোৱা উচিত । বিজেপি চৰকাৰৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য নকৰি বড়োলেণ্ডত মছজিদ-মাদ্ৰাছা কিয় ভঙা হৈছিল বুলি বদৰুদ্দিন আজমলে কংগ্ৰেছক প্ৰশ্ন কৰা উচিত । বিজেপিৰ শাসনত এবাৰো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই । কংগ্ৰেছৰ আমোলতহে সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল ৷

ইফালে, উপাধ্যক্ষ আমিনুল হক লস্কৰৰ এই মন্তব্যক উভতি ধৰিলে সোনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক এনামুল হকে । তেওঁ কয় যে, উপাধ্যক্ষ পদত থাকি এনে ধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰা উচিত নহয় । এয়া সংবিধান বিৰোধী ।

এনামুল হকৰ প্ৰত্যুত্তৰ

কংগ্ৰেছ চৰকাৰৰ সময়ত বড়োলেণ্ডত কিমান মছজিদ আৰু মুছলমান সম্প্ৰদায়ৰ মানুহক হত্যা কৰা হৈছে, তাৰ তথ্য প্ৰমাণ দাঙি ধৰাৰ বাবে উপাধ্যক্ষ আমিনুলক আহ্বান জনায় এনামুল হকে । বৰ্তমান সময়ত আমিনুল হকে যি মন্তব্য কৰি আছে সেয়া আৰএছএছৰ ভাষ্য বুলি সদৰি কৰে প্ৰাক্তন বিধায়ক এনামুল হকে ৷

লগতে পঢ়ক : নাওবৈচাত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.