ETV Bharat / state

শিলচৰত চাহ বাগিছা ধন পুৰস্কাৰ মেলা

শিলচৰত অসম চৰকাৰৰ ধন পুৰস্কাৰ মেলা শীৰ্ষক বিশেষ কাৰ্যসূচী । 'চাহ বাগিছা ধন পুৰস্কাৰ আঁচনি'ৰ অধীনত বিধায়ক কিশোৰ নাথৰ উপস্থিতিত ৰামপুৰ বাগান আৰু ডলু বাগানৰ শ্ৰমিকৰ মাজত ধন বিতৰণ কৰা হয় এই অনুষ্ঠানত ।

author img

By

Published : Feb 2, 2021, 1:55 PM IST

শিলচৰত চাহ বাগিছা ধন পুৰস্কাৰ মেলা
শিলচৰত চাহ বাগিছা ধন পুৰস্কাৰ মেলা

শিলচৰ,২ ফেব্ৰুৱাৰী : ৰাজ্য়ৰ চাহ বাগানৰ শ্ৰমিকসকলৰ বাবে এক বিশেষ আঁচনি ৰূপায়ণ কৰিছিল বিজেপি চৰকাৰে । চাহ বাগিছা ধন পুৰস্কাৰ আঁচনিৰ জৰিয়তে বাগিছাৰ শ্ৰমিকসলক বিশেষ আৰ্থিক সাহাৰ্য বিতৰণ কৰা হয়। এই আঁচনিৰ লগত সংগতি ৰাখি শিলচৰত আয়োজন কৰা হয় অসম চৰকাৰৰ ধন পুৰস্কাৰ মেলা শীৰ্ষক বিশেষ কাৰ্যসূচীৰ । এই মেলাৰ জৰিয়তে ধনৰ তৃতীয় অংশ বিতৰণ কৰা হয় চাহ শ্ৰমিকসকলৰ মাজত ।

বৰখোলা সমষ্টিৰ বিধায়ক কিশোৰ নাথৰ উপস্থিতিত ৰামপুৰ বাগান আৰু ডলু বাগানৰ শ্ৰমিকৰ ধন বিতৰণ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ জিলা পৰ্যায়ৰ নেতাৰ লগতে বাগিছাৰ মেনেজাৰ-কৰ্মচাৰী আদি । অনুষ্ঠানত শ্ৰমিকসকলক ধনৰ অংশ বিতৰণ কৰি বিধায়ক গৰাকীয়ে কয় যে বিজেপি চৰকাৰে চাহ বাগিছাৰ শ্ৰমিকসকলৰ বাবে আৰু বহু উন্নয়নমূলক আঁচনি হাতত লৈছে ।

লগতে পঢ়ক :শোণিতপুৰলৈ দক্ষতা বিকাশ পৰিকল্পনা প্ৰস্তুতকৰণৰ শ্ৰেষ্ঠ বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.