ETV Bharat / state

বৰাকত অবৈধ কয়লা ট্ৰাক জব্দৰ আঁৰত আৰক্ষীৰ ভেকো-ভাওনা! - কৰিমগঞ্জ

বৰাকত পুনৰ কয়লা ছিণ্ডিকেটে গা-কৰি উঠিছে । কৰিমগঞ্জ আৰক্ষীয়ে ছিণ্ডিকেটৰ লগত জড়িত তিনিখন ট্ৰাক জব্দ কৰি নাটক কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

বৰাকত অবৈধ কয়লা ট্ৰাক জব্দৰ আঁৰত আৰক্ষীৰ ভেকো-ভাওনা!
author img

By

Published : Sep 15, 2019, 10:09 PM IST

কৰিমগঞ্জ, 15 ছেপ্তেম্বৰঃ বৰাকত বৃদ্ধি পাইছে কয়লা মাফিয়াৰ কাৰ্য-কলাপ ৷ অঞ্চলটোত নিতৌ বৃদ্ধি পাইছে অবৈধ কয়লাৰ সৰবৰাহ ৷ শনিবাৰে কৰিমগঞ্জৰ বদৰপুৰ থানাই তিনিখনকৈ কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে ৷ ইফালে সমগ্ৰ ঘটনাৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এগৰাকী যুৱ কংগ্ৰেছী নেতাই এই ট্ৰাক জব্দ কাণ্ডক আৰক্ষীৰ পূৰ্বপৰিকল্পিত নাটক আখ্যা দিয়ে ৷ নেতাগৰাকীয়ে আৰক্ষীৰ অভিযানৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি কয় যে প্ৰতিনিশাই এশ-দুশ ট্ৰাক অসম-মেঘালয় সীমান্তইদি কাছাৰ হৈ কৰিমগঞ্জত প্ৰৱেশ কৰে আৰু মাজে মাজে সময়ে আৰক্ষীয়ে কেৱল চৰকাৰী পক্ষৰ নেতা পালিনেতাৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা ন'হবৰ বাবেই দুই তিনিখন কয়লা ভৰ্তি ট্ৰাক জব্দ কৰে ৷ আনহাতে নেতাগৰাকীয়ে এই সমগ্ৰ অবৈধ কয়লা সৰবৰাহত শাসকীয় দলৰ লোক জড়িত থকা বুলি অভিযোগ উত্থাপন কৰিছে৷ তেওঁ লগতে বৰ্তমানৰ চৰকাৰখনে দু্ৰ্নীতিমুক্ত স্বচ্ছ সমাজৰ কথা কৈ থাকে যদিও বাস্তৱত পূৰ্বতকৈ ৰাজ্যত অধিক দুৰ্নীতি বৃদ্ধি পোৱা বুলি ক্ষোভ ব্যক্ত কৰে ৷

Intro:Body:SLUG: COAL SYNDICATE RESTART AT BORAK, KARIMGANJ
বৰাকত পুনৰ কয়লা ছিণ্ডিকেটে গা কৰি উঠিছে । কেইটাদিন বন্ধ থকাৰ পাছত এতিয়া জোড়কদমে আৰম্ভ হৈ কলা হীৰাৰ কলা বেহা । অসম মেঘালয় সীমান্ত দি প্ৰতিনিশা প্ৰায় কোটি টকাৰ বিনিময়ত এশমান কয়লাৰ ট্ৰাক কাছাড় জিলা হৈ সোমাই আছে বুলি ভয়ংকৰ তথ্যৰ লগতে অভিযোগ পোৱা গৈছে । কৰিমগঞ্জ আৰক্ষীয়ে যোৱাকালি এনে তিনিটা ট্ৰাক জব্দ কৰি নাটক কৰাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । কৰিমগঞ্জ জিলাৰ বদৰপুৰ থানায় তিনিটাকৈ কয়লাৰ ট্ৰাক কৰিছে যদিও কিন্তু মেঘালয়া পাৰ হৈছে কাছাড় জিলাৰ মালিডোৰ চেক পয়েন্ট, গুমৰা আৰক্ষী চৌকি, কালাইন আৰক্ষী চৌকি, কাটিগড়া থানা আৰু হাইলাকান্দিৰ পাঁচগ্ৰাম থানাৰ কিছু অংশ পাৰ হৈ কেনেকৈ বদৰপুৰ পালে সেয়াই এতিয়া ডাঙৰ প্ৰশ্ন ।
অবৈধ কয়লা লৈ ৰাজ্য জুৰি ইমান হুলস্থুল হৈ থকাৰ পিছতো মেঘালয়ৰ পৰা অবাধে অবৈধভাবে অসমত কয়লাৰ প্ৰৱেশ কিন্তু বন্ধ হোৱা নাই । ছিণ্ডিকেটৰ মাধ্যমেৰে এতিয়া পুনৰ চোৰাং ভাবে বৰাকত আহিব ধৰিছে মেঘালয়ৰ কয়লা ।অভিযোগমতে, যোৱা এদিন পূৰ্বে প্ৰায় এশখন কয়লা ভৰ্তি ট্ৰাক বৰাকত প্ৰৱেশ কৰে । যাৰ বাৱে লেনদেন হৈছিল ৮০ লক্ষ টকা । ইয়াৰ পাছতেই যোৱাকালি কৰিমগঞ্জৰ বদৰপুৰ থানায় তিনিটাকৈ কয়লাৰ গাড়ি জব্দ কৰা লৈ ৰহস্যৰ গোন্ধ পোৱা গৈছে । এগৰাকি যুব কংগ্ৰেছ নেতায় কয়, এয়া আৰক্ষীৰ নাটক । যোৱা বছৰতো প্ৰতিদিনা এশ দুশ অবৈধ কয়লাৰ ট্ৰাক পাৰপাৰা হোৱাৰ বিপৰিতে আৰক্ষীয়ে মাঝে মাঝে দুই তিনিটাকৈ ট্ৰাক জব্দ কৰি আছিল । এনেদৰেই লৌকিকতাৰ বাৱে যোৱা কালিৰ এই তিনিটা ট্ৰাক জব্দ কৰা হৈছে । এই ক্ষেত্ৰত শাসকীয় দলৰ লোকও জড়িত আছে বুলি অবিয়োগ উত্থাপিত কৰে । কয়, বৰ্তমান চৰকাৰে স্বচ্চতাৰ কথা কৈ ব্যাপক দূৰ্ণীতি চলাই গৈ আছে । পূৰ্বৰ পৰা পাঁচগুন দূৰ্ণীতি বৃদ্ধি পাইছে । আনফালে তিনিটাকৈ কয়লাৰ ট্ৰাক জব্দ কৰা সন্ধৰ্ভত বদৰপুৰ থানাৰ ওচি যুগো কুমাৰ বৰাক শোধা হলে তেঁওৰ ভাষ্যৰ পৰাও ৰহস্যৰ উমান পোৱা যায় । বৰায় কয়, কাকতপাতি সকলো ঠিক থাকি ঠিকেই আছে নতুবা আইনগত ব্যবস্থা লোৱা হব । কিন্তু আনফালে জব্দ কৰাৰ কেইবাঘন্টা পাৰ হোৱাৰ পাছতো কৈ আছে এতিয়ালৈকে চালান পোৱা নাই । ওচি গৰাকিয়ে কয়লাৰ অবৈধ ট্ৰাক সোমুৱাক লৈ আকাৰইংগিতে কাছাড় আৰক্ষীক জগৰিয়া কৰে । কয়, সঁচাকৈ কাছাড় জিলাৰ মালিডোৰ চেক পয়েন্ট, গুমৰা আৰক্ষী চৌকি, কালাইন আৰক্ষী চৌকি, কাটিগড়া থানা পাৰ হৈ অহাৰ পাছত কৰিমগঞ্জ আৰক্ষীক দোষাৰোপ কৰাটো হাস্যকৰ । যোৱা এদিন পূৰ্বে প্ৰায় এশটা ট্ৰাক পাৰ হোৱাৰ কথাকো একেবাৰে নুই নকৰে তেঁও ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.