শিলচৰ, 4 জুলাই : কেন্দ্ৰীয় চৰকাৰ শ্ৰমিক বিৰোধী নীতিৰ বিৰোধীতাত শুকুৰবাৰে শিলচৰৰ ক্ষুদিৰাম মূৰ্ত্তিৰ ওচৰত আন্দোলন কাৰ্যসূচীৰ ৰূপায়ণ কৰিবলৈ গৈ আৰক্ষীৰ বাধাৰ সন্মুখীন হয় চিআইটিইউৰ কৰ্মকৰ্তা ৷ ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰৰ নিৰ্দেশনা অনুসৰি কাছাৰ জিলা প্ৰশাসনে প্ৰতিবাদকাৰীসকলৰ একত্ৰিত হ'বলৈ বাধা প্ৰদান কৰে ৷
জিলা প্ৰশাসনে গ্ৰহণ কৰা ভূমিকাত সোচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰীসকল ৷ ক'ৰণা ভাইৰাছৰ ভয়াৱহতাৰ বাবেই জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি প্ৰতিবাদকাৰীসকলে শাসক বিৰোধী সকলো ক্ষেত্ৰত প্ৰশাসনক একে নীতি গ্ৰহণ কৰাৰ আহ্বান কৰে ৷
লগতে পঢ়ক : কাকপথাৰৰ ডিৰাক নদীত পৰি মৃত্যু এজনৰ