ETV Bharat / state

শিলচৰৰ হিংসাত্মক ঘটনাৰ স্পষ্টীকৰণ কাছাৰ প্ৰশাসনৰ - শিলচৰৰ হিংসাত্মক ঘটনাৰ স্পষ্টীকৰণ কাছাৰ প্ৰশাসনৰ

শিলচৰৰ সোনাই বুথ চেণ্টাৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ ফলত কোনো ধৰণৰ ইভিএম মেচিন নষ্ট নোহোৱা বুলি দাবী কাছাৰ জিলা প্ৰশাসনৰ ৷ ইফালে নেট্ৰিপৰত হোৱা ঘটনাত নষ্ট হোৱা ইভিএম মেচিনটো খালী ইভিএম মেচিন বুলি দাবী কৰিছে প্ৰশাসনে ৷

no evm machine has been damaged in silchar violence
শিলচৰৰ হিংসাত্মক ঘটনাৰ স্পষ্টীকৰণ কাছাৰ প্ৰশাসনৰ
author img

By

Published : Apr 3, 2021, 2:13 PM IST

শিলচৰ,3 এপ্ৰিল: শিলচৰৰ সোনাই বুধ চেণ্টাৰত সৃষ্টি হোৱা অগ্নিগৰ্ভা পৰিস্থিতিৰ ফলত কোনো ধৰণৰ ইভিএম নষ্ট হোৱা নাই বুলি দাবী কৰিছে কাছাৰ জিলা প্ৰশাসনে ৷ শিলচৰত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিৰ পাছতো কাছাৰ প্ৰশাসনে ইভিএমসমূহ সুৰক্ষিত অৱস্থাত ৰাখিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়াৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দি কাছাৰ প্ৰশাসনে এই কথা সদৰী কৰে ৷

শিলচৰৰ হিংসাত্মক ঘটনাৰ স্পষ্টীকৰণ কাছাৰ প্ৰশাসনৰ

শিলচৰত এখন সংবাদমেল সম্বোধন কৰি ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ দি কাছাৰ জিলা প্ৰশাসনৰ উপায়ুক্ত কীৰ্তি জল্লী আৰু আৰক্ষী বিষয়া মিনা ক'লে বৰ্তমান সমগ্ৰ পৰিস্থিতি শান্ত বুলি জানিবলৈ দিয়ে ৷ অন্য কোনো ধৰণৰ বিসংগতি যাতে সংঘটিত নহয়, তাৰ বাবে আৰক্ষী প্ৰশাসন সতৰ্ক হৈ আছে বুলি জানিবলৈ দিয়ে ৷ লগতে নেট্ৰিপৰত হোৱা ঘটনাত নষ্ট হোৱা ইভিএম মেচিনটো খালী ইভিএম মেচিন আছিল বুলি দাবী কৰে ৷

তদুপৰি অতিৰিক্ত ইভিএমটো ট্ৰাকত জমা দিয়াৰ বাবে লৈ যোৱাৰ সময়ত ৰাইজে ভুল বুজি আক্ৰমণ কৰা বুলিও প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশ কৰা হয় ৷

লগতে পঢ়ক: 'অজাপ'ৰ উত্থানঃ তৃতীয় পৰ্যায়ত কংগ্ৰেছ-বিজেপিৰ মুৰৰ কামোৰণি 15 সমষ্টি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.