ETV Bharat / state

অসম-মিজো সীমান্তত প্ৰিন্সিপাল চেক্ৰেটেৰীক বাধা বি এছ এফৰ

author img

By

Published : Nov 24, 2020, 12:37 PM IST

অসম-মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ গৈ সীমান্ত সুৰক্ষা বলৰ বাধাৰ সন্মুখীন হ'বলগীয়া হ'ল বন বিভাগৰ প্ৰিন্সিপাল চেক্ৰেটেৰী এ পি দাস যোশী। পি চি চি এফ এ এম সিং, চি চি এফ আকাশদ্বীপ বৰুৱা, কাছাৰৰ জিলা উপায়ুক্ত কৃৰ্তি জল্লী আৰু কাছাৰৰ ডি এফ অ' ছানী দেৱ চৌধুৰীসহ প্ৰিন্সিপাল চেক্ৰেটেৰীগৰাকী সীমান্তৰ পৰিস্থিতিৰ বুজ ল'বলৈ গৈছিল।

অসম-মিজো সীমান্তৰ পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা প্ৰিন্সিপাল চেক্ৰেটেৰীক বাধা বি এছ এফৰ

শিলচৰ, ২৪ নৱেম্বৰ: অসম-মিজোৰাম সীমান্তত অব্যাহত আছে মিজোৰামৰ আগ্ৰাসন। মিজোৰামে অবৈধভাৱে দখল কৰা অসমৰ ৫ কিলোমিটাৰ ভূমিত এতিয়া টহল দিছে মিজো আৰক্ষীয়ে। যোৱা ২২ নৱেম্বৰত সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা বন বিভাগৰ প্ৰিন্সিপাল চেক্ৰেটেৰী এ পি দাস যোশীক বাধা প্ৰদান কৰে সীমান্ত সুৰক্ষা বলে। কাছাৰ জিলাৰ উপায়ুক্ত কৃৰ্তি জল্লী, পি চি চি এফ এ এম সিং, চি চি এফ আকাশদ্বীপ বৰুৱা, ডি এফ অ' ছানী দেৱ চৌধুৰী আৰু এ পি দাস যোশীয়ে সীমান্ত পৰিদৰ্শনৰ বাবে গৈছিল।

আদবাটতে সীমান্ত সুৰক্ষা বলৰ জোৱানে বাধা প্ৰদান কৰে। মিজোৰামৰ কলাশিৱ জিলাৰ উপাযুক্তৰ অনুমতি অবিহনে প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব বুলি কাৰণ দৰ্শায় সীমান্ত সুৰক্ষা বলৰ জোৱানে। ইয়াকে লৈ প্ৰিন্সিপাল চেক্ৰেটেৰীৰ সৈতে যোৱা বিষয়াসকল আৰু সীমান্ত সুৰক্ষা বলৰ জোৱানৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয়। দীৰ্ঘ সময়জোৰা বিবাদৰ অন্তত প্ৰিন্সিপাল চেক্ৰেটেৰীগৰাকী কিছু দূৰ আগবাঢ়ি যায়। কিন্তু মিজো আই আৰ বেটেলিয়নে বাধা দিয়ে।

অসমৰ ভূমিতে অসমৰ বিষয়াক বাধা দিয়ে মিজো আই আৰ বেটেলিয়নে। পথৰ মাজতে বহু সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয় বিষয়াসকল। আনকি বোমা বিস্ফোৰণ সংঘটিত হোৱা বিদ্যালয়খনলৈ যোৱাতো বাধা দিয়ে প্ৰিন্সিপাল চেক্ৰেটেৰী এ পি দাস যোশী আৰু আন বিষয়াসকলক। ইয়াৰ পিছত প্ৰিন্সিপাল চেক্ৰেটেৰী এ পি দাস যোশী আৰু বন বিভাগৰ বিষয়াসকলে ধলাই বন বিভাগৰ কাৰ্যালয়ত বনমন্ত্ৰীৰে বৈঠকত মিলিত হয়। বৈঠকত অসম-মিজো সীমান্ত সন্দৰ্ভত আলোচনা হয়।

লগতে পঢ়ক:ডিমা হাছাওত সন্ধানহীন দুই শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.