শিলচৰ, ১১ নৱেম্বৰ: দীৰ্ঘ দিন ধৰি আহ্বান জনাই অহাৰ পিছতো বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটীৰ দাবী পূৰণ কৰা নাই চৰকাৰে। বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ হিচাপে স্বীকৃতি নিদিয়াৰ বাবে আগন্তুক বিধানসভাৰ শীতকালীন অধিৱেশন চলি থকা অৱস্থাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কমিটীয়ে। গুৱাহাটীত আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি শিলচৰত সংবাদমেল সম্বোধন কৰি জানিবলৈ দিছে কমিটীৰ বিষয়ববীয়াই।
বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজে বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসনৰ দাবী জনাই আহিছে যদিও চৰকাৰৰ তৰফৰ পৰা দাবী পূৰণৰ বাবে আজিলৈকে কোনো সেউজ সংকেত লাভ কৰা নাই বুলি অভিযোগ তুলিছে কমিটীখনে। সেয়ে, এইবাৰ বিধানসভাৰ শীতকালীন অধিৱেশনত আমৰণ অনশনত বহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰয়োজন সাপেক্ষে স্বায়ত্ব শাসনৰ বাবে প্ৰাণ ত্যাগ কৰিবলৈও কুণ্ঠাবোধ নকৰে বুলি স্পষ্ট কৰি দিয়ে বিষ্ণুপ্ৰিয়া মণিপুৰী স্বায়ত্ব শাসিত পৰিষদ দাবী কমিটীয়ে।
লগতে পঢ়ক: হাইলাকান্দিত বন বিভাগৰ অভিযানত অবৈধ সামগ্ৰী কঢ়িওৱা ট্ৰাক জব্দ