ETV Bharat / state

মাদ্ৰাছা বন্ধ সন্দৰ্ভত সৰব হ’ল প্ৰাক্তন বিধায়ক আটাউৰ ৰহমান মাজাৰ ভূঞা

author img

By

Published : Sep 10, 2020, 11:47 AM IST

আৰ এছ এছক সুখী কৰি ৰখা, অসমৰ মুখ্যমন্ত্রী হোৱাৰ সপোন আৰু ৰাজনৈতিক স্বার্থ সিদ্ধি এই তিনিটা উদ্দেশ্যতে মাদ্রাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ কথা ঘোষণা কৰিছে শিক্ষা মন্ত্রী হিমন্ত বিশ্ব শর্মাই । এই মন্তব্য কাটিগড়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আটাউৰ ৰহমান মাজাৰ ভূঞাৰ ৷

মাদ্ৰাছা বন্ধ সন্দৰ্ভত সৰব হ’ল প্ৰাক্তন বিধায়ক আটাউৰ ৰহমান মাজাৰ ভূঞা
মাদ্ৰাছা বন্ধ সন্দৰ্ভত সৰব হ’ল প্ৰাক্তন বিধায়ক আটাউৰ ৰহমান মাজাৰ ভূঞা

শিলচৰ, 10 ছেপ্টেম্বৰ : ৰাজ্যৰ সংস্কৃত টোল আৰু মাদ্ৰাছা সমূহ বন্ধ ৰখাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্ত সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৰাকৰ এগৰাকী প্ৰাক্তন বিধায়কে ৷ কাটিগড়া সমষ্টিৰ প্ৰাক্তন বিধায়ক আটাউৰ ৰহমান মাজাৰ ভূঞা সৰব হৈছে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৷ মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰা কাৰ্যক সম্পূৰ্ণ অসাংবিধানিক আখ্যা দি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মাই আৰ এছ এছক সন্তুষ্ট কৰিবলৈ আৰু নিজৰ ৰাজনৈতিক অভিপ্সা পূৰণ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ইয়াৰ লগতে মাজাৰ ভূঞাই আৰু কয় যে, ’21ৰ নিৰ্বাচনত হিন্দু ভোট ঐক্যবদ্ধ কৰাৰ লক্ষ্যৰে কূটকৌশল আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷ সংস্কৃত টোল আৰু মাদ্ৰাছা বন্ধৰ বিষয়টোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ বিচাৰিছে আটাউৰ ৰহমান মাজাৰ ভূঞাই ৷

লগতে পঢ়ক : বিশ্ব আত্মহত্যা প্ৰতিৰোধী দিৱস : আত্মহত্যাৰ প্ৰৱনতা আৰু মানসিক স্বাস্থ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.